তেজপুৰত ভাতৃত্ববোধৰ এনাজৰীৰে মেৰিয়াই ঈদৰ সমূহীয়া নামাজ

newsnextone.com | তেজপুৰঃ অশান্ত জৰ্জৰ সমগ্ৰ বিশ্ব পুনৰ শান্ত হওক। প্ৰকৃতিয়ে এক সুস্থিৰ অৱস্থা পাওক। সমাজক কলুষিত কৰা অসামাজিক দানৱবোৰ নোহোৱা হৈ সমাজলৈ এক শান্ত সৌম্য বাতাবৰণ পুনৰ ঘূৰি অহা অজস্ৰ আশা আৰু সপোনেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে শনিবাৰে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিৎৰ। 

ৰমজানৰ ৰোজা শেষ হোৱাৰ পিছত সমগ্ৰ বিশ্বত অতি উলাহ-মালহেৰে ঈদ-উল-ফিৎৰ উদযাপন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত মহা আয়োজন চলা পৰিলক্ষিত হৈছে। শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বহন কৰি অহা ঈদ-উল-ফিৎৰৰ প্ৰস্তুতি সম্পন্ন হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শোনিতপুৰ জিলাৰ তেজপুৰতো।  

তেজপুৰ চহৰৰ ঈদগাহ ময়দানত তেজপুৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ প্ৰায় কুৰিখন সৰু-বৰ গাঁৱৰ ইছলাম ধৰ্মালম্বী ৰাইজ একত্ৰিত হৈ তেজপুৰ চহৰৰ মাজমজিয়াৰ ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজ বছৰ বছৰ ধৰি আদায় কৰি আহিছে। এইবাৰো পোন্ধৰ সহস্ৰাধিক লোকে একেলগে ঈদৰ সমূহীয়া নামাজ আদায় কৰে। 

শনিবাৰে উদযাপন কৰা ঈদ-উল-ফিৎৰৰ নামাজ পুৱা তেজপুৰৰ ভিন্ন প্ৰান্ত পৰা অহা ঈছলামধৰ্মী লোক সকলে ভাগ লৈ সকলোৰে মাজত ভাতৃত্ব বোধ অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায়। পবিত্ৰ ঈদ উপলক্ষে এই অনুষ্ঠানৰ সকলো ধৰ্মীয় কাৰ্যসূচীৰ সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।