আচাৰ্য ইলাৰাম দাসৰ তিৰোভাৱ তিথি, লোকে লোকাৰণ্য বেবেজীয়া

নগাঁওঃ আধ্যাত্মিক পথাৰখনৰ একান্ত প্ৰহৰীস্বৰূপ একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপৰ চতুৰ্দশ বাৰ্ষিক তিৰোভাৱ দিৱসটি যোৱা ১৮ অক্টোবৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে নগাঁও জিলাৰ বেবেজীয়া পালনাম থান প্ৰাংগণত ব্যাপক উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ উপস্থিতিত সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে বেবেজীয়া৷

পাহাৰ-ভৈয়াম একাকাৰ কৰি বিভিন্ন জাতি-জনজাতিক একতাৰ ডোলেৰে বান্ধি ভক্তিৰস প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য তথা শংকৰদেৱ বঁটা প্ৰাপ্ত ইলাৰম দাস বাপৰ তিৰোভাৱ দিৱসটি প্ৰতিবছৰে একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানত উদযাপন কৰি অহা হৈছে ৷ চাৰি প্ৰহৰ পালনাম কীৰ্ত্তনেৰে সমাজৰ সকলো শ্ৰেণীৰ মাজত বাপ ঈশ্বৰৰূপে পৰিচিত প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপৰ তিৰোভাৱ দিৱসটি ওলহ-মালহেৰে ভকত, আইমাতৃ তথা তৰুণ-তৰুণীসকলে অনুষ্ঠিত কৰিছে ৷

বৃহস্পতিবাৰে পুৱা ৪.৩০ বজাত শৰাই অৰ্চন আৰু খোল-প্ৰসংগৰ অন্তত মহাপালনাম কীৰ্ত্তনৰ শুভাৰম্ভ কৰা হয় ৷ গোটেই দিনজুৰি পৰিবেশিত পালনামৰ পবিত্ৰ তথা অমিয়া সুৰে পালনাম থানৰ চৌপাশ মুখৰিত হৈ পৰে ৷ বিয়লি ৫ বজাত মহাপালনামৰ সামৰণিৰ পিছতে কৃপা প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় ৷ নিশা অনুষ্ঠিত কৰা হয় প্ৰতিনিধি সভা ৷ ইফালে, শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা এটি শৰণ শিবিৰ অনুষ্ঠিত কৰা হয় ৷ কাইলৈ পুৱা ৯ বজাৰ পৰা সৰুভাগ মালা বস্ত্ৰ প্ৰদানৰ লগতে বিয়লি ৪ বজাত ধৰ্মধ্বজা অৱনমনৰ দ্বাৰা তিৰোভাৱ দিৱসৰ সামৰণি পৰিব৷