
গোলকগঞ্জঃ বাংলাদেশৰ পৰা আজিও অবৈধ ভাবে শ-শ লোকে অসমত প্ৰবেশ কৰি আহিছে৷ ইচ্ছা গলেই অসমলৈ বাংলাদেশৰ লোক আহি অনায়সে ঘুৰা-ফুৰি কৰিব পাৰে৷ প্ৰশাসন, আৰক্ষী সীমান্তৰক্ষী বাহিনীৰ চকুত ধুলি দি বাংলাদেশৰ লোকে অবৈধভাবে বিনাদ্বিধাই অসমলৈ আহিব পাৰে৷ অসম যেন তেওলোকৰ বাবে চৰনীয়া পথাৰ৷ ইয়ালৈ আহি অনায়াসে ঠেলা চলাব পাৰে, ৰিক্সা চলাব পাৰে, ব্যৱসায় কৰিব পাৰে৷
ৰাজ্যৰ প্ৰতিটো দলে বাংলাদেশী মুক্ত অসম গঢ়াৰ শ্ল’গান দিয়ে যদিও শাসনৰ গাডী পোৱাৰ পিছত সীমান্ত চিল কৰিবলৈ পাহৰি যায়৷ কেৱল ভোটৰ স্বাৰ্থত ৰাজনীতি কৰা দলবোৰে সময়ে সময়ে অবৈধ বাংলাদেশীৰ পক্ষত হে ওকালতি কৰা পৰিলক্ষিত হয়৷ আজিও যে প্ৰতিদিনে অসমত অবৈধ বাংলাদেশা নাগৰিক নিজ ইচ্ছামতে সোমাই আহিব পাৰে সেই কথাক পুনৰ বাৰ প্ৰমাণ কৰে দেওবাৰে৷
ধুবুৰী জিলাৰ গোলকগঞ্জৰ স্থানীয় ৰাইজে এগৰাকী বাংলাদেশীক ধৰি আৰক্ষীক গতাই দিয়া ঘটনাই প্ৰমাণ কৰে এই কথাক৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলা খনত৷ গোককগঞ্চৰ বিৰাট নগৰ চাৰিআলিত দেওবাৰে এগৰাকী লুঙি-চাৰ্ট পৰিহিত লোকে সন্দেহজনক ভাবে ঘুৰা-ফুৰা কৰি থকা পৰিলক্ষিত হয় ৰাইজৰ৷ স্থানীয় একাংশ লোকে লোকজনক সোধ-পোছ কৰাত সন্দেহ ওপজাত লোকজনক আবদ্ধ কৰে।
কিছু সময় পিছতে আৰক্ষীক খবৰ দিয়াত গোলকগঞ্জ আৰক্ষীয়ে লোক জনক উদ্ধাৰ কৰি থানালৈ লৈ যায়৷ বংলাদেশৰ কুৰিগ্ৰাম জিলাৰ উলুপুৰ গাঁৱৰ ধৃত অবৈধ জাহাংগীৰ আলম বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ধৃত নাগৰিকজনক থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বাংলাদেশীজনৰ পৰা বাংলাদেশৰ অলিপুৰৰ এখন বাছৰ টিকট জব্দ কৰিছে আৰক্ষীয়ে। অবৈধ বাংলাদেশী নাগৰিক জন অসম-বংগ সীমান্তৰ পশ্চিমবঙ্গৰ বালাভূত অঞ্চলেৰে প্ৰবেশ কৰাৰ সন্দেহ কৰা হৈছে।