ছয়গাঁৱত ৮ বছৰত দুবাৰকৈ সলনি হ’ল পিতৃৰ নাম, NRCত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস

গৰৈমাৰিঃ কামৰূৰ জিলাৰ ছয়গাঁও বিধান সভা সমষ্টিত প্ৰমাণ পত্ৰ জালিয়াতি কৰি NRCত নাম অন্তৰ্ভুক্ত কৰিব বিছৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সন্দেহযুক্ত নাগৰিকে এটি ৰাজনৈতিক দলৰ প্ৰভাৱশালী নেতাৰ সহযোগত জালিয়াতি কৰি NRCত নাম সোমাবৰ বাবে অহৰহ চেষ্টা কৰাৰ অভিযোগৰ ছয়গাঁৱত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷

এটি ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত সন্দেহযুক্ত নাগৰিকে আঠ বছৰত দুবাৰকৈ পিতৃৰ নাম সলনি কৰি যেনে তেনে NRCত নাম সোমাবৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি অভিযোগ উত্থাপন হৈছে। ৰাজ্যত NRCৰ খছৰাক লৈ ব্যাপক ব্যস্ততা অব্যাহত আছে যদিও সেই সময়তে এনে প্ৰচাৰে চাঞ্চল্যৰ সৃষ্টি কৰাটো স্বাভাৱিক৷ ছয়গাঁও বিধান সভা সমষ্টিৰ চাম্পুপাৰাৰ কলহীকাষৰ ভোটৰ তালিকাত বিসংগতি থকা ৬ সন্দেহযুক্ত নাগৰিকৰ নাম NRCত সোমাব বিছৰাৰ তথ্য প্ৰকাশ হয়৷

আনৰ লিগেছি ডাটা ব্যৱহাৰ কৰি সন্দেহযুক্ত নাগৰিকে ভাৰতীয় নাগৰিক হ'ব বিছৰা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে৷ ২০০৫ চনত ৪৯নং ছয়গাঁও সমষ্টিৰ বকো থানাৰ অন্তৰ্গত ১নং তামুলদি ভোট গ্ৰহণ কেন্দ্ৰত বিল্লাল হুছেইন, আলমিনা খাতুন, শহৰ আলী, মজিদ আলী, মইজুদ্দিনৰ পিতৃ হাছেন আলী বুলি উল্লেখ আছিল৷ ২০১১ চনলৈ ভোটাৰ তালিকাত পিতৃৰ নাম হাছেন আলী বুলি উল্লেখ আছিল৷

যদিও নতুনকৈ প্ৰস্তুত কৰা তথা ২০১৮ চনৰ প্ৰকাশ পাবলগীয়া ফটো যুক্ত ভোটাৰ তালিকাত লোক কেইজনৰ পিতৃৰ নাম হঠাৎ সলনি হয়৷ ৪৯ নং ছয়গাঁও সমষ্টিৰ ১ নং তামুলদি ভোট গ্ৰহণ কেন্দ্ৰত ২০১৮ত প্ৰকাশ পাবলগীয়া ফটোযুক্ত ভোটৰ তালিকাত বিল্লাল হুছেইনৰ পিতৃৰ নাম হাছেন আলীৰ বুলি উল্লেখ থকাৰ পৰিৱৰ্তে নাজিৰ আলী বুলি উল্লেখ আছে৷

আলমিনা খাতুনৰ পিতৃৰ নাম হাছেন আলীৰ পৰিৱৰ্তে নাজিৰ আলী, শহৰ আলীৰ পিতৃৰ নাম সাদৰ আলী, মজিদ আলীৰ পিতৃৰ নাম মহম্মদ আলী, মইজুদ্দিনৰ পিতৃৰ নাম মহম্মদ আলী বুলি উল্লেখ আছে৷ এই ঘটনাৰ পিছতে সচেতন লোকৰ চকু কপালত উঠিছে। ২০০৫ চনত কলহীকাষ গাঁৱৰ কেইবাটাও পৰিলালে নিজ নিজ পৰিয়ালৰ লোক বুলি দেখুৱাই বিল্লাল হুছেইন, আলমিনা খাতুন, শহৰ আলী, মজিদ আলী, কলিমুদ্দিন আৰু মইজুদ্দিনৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰি অবৈধভাৱে দীৰ্ঘদিনৰ পৰা বসবাস কৰিবৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

২০১৩ চনৰ ফটোযুক্ত ভোটাৰ আইডি কাৰ্ড প্ৰদান কৰাৰ সময়ত কলহীকাষ গাঁৱৰ হাজী লালাচাল আলীৰ পৰিয়ালৰ লিগিছি ডাটা ব্যৱহাৰ কৰি ৬গৰাকী সন্দেহযুক্ত লোকে ২০১৮ চনৰ ফটোযুক্ত ভোটৰ তালিকাত পিতৃৰ নাম সলনি কৰে। লালচান আলী তথা মোছলেম আলীৰ পৰিয়ালে ৬গৰাকী সন্দেহযুক্ত নাগৰিকক ৰক্ষণা-বেক্ষন দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ সমস্ত ঘটনাৰ উচিত তদন্ত দাবী কৰি কলহীকাষ গাঁৱৰ ফজলুল হক নামৰ লোকজনে প্ৰশাসনৰ কাষ চাপে।