পুৰণিগুদামত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়

চামগুৰিঃ বৰ্তমানৰ যুৱ-প্ৰজন্মৰ মাজত বৰবিহ সদৃশ সুৰা অতি জনপ্ৰিয় হৈ পৰিছে৷ ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাতো বৃদ্ধি পাইছে সুৰাৰ আৰু ভাঙৰ ৰমৰমীয়া ব্যৱসায়৷ পুৰণিগুদাম এক প্ৰকাৰ মদ আৰু ভাং ব্যৱসায়ীৰ ৰম্যভূমিলৈ পৰিণত হৈছে৷

বৃহত্তৰ পুৰণিগুদাম অঞ্চলত বহুদিন ধৰি চলি থকা বিলাতী সুৰা, দেশীয় সুৰাৰ লগতে ভাঙৰ অবৈধ বেহাই পুৰণিগুদাম অঞ্চলৰ সামাজিক পৰিৱেশ কলুষিত কৰি তুলিছে বুলি অভিযোগ উত্থাপন হৈছে৷

পুৰণিগুদামৰ কেঞাপট্টি, গড়মূৰ, পথাৰআগ চাৰিআলি, পোটনী, কলিতাচুক, চলচলী, ভৰাগুৰি, পামগাঁও, জলাহ মহমৰাচুক, ভেৰভেৰী, দেউৰীগাওঁ, হালোৱাগাঁৱকে ধৰি বিভিন্ন অঞ্চলত মদ আৰু ভাং ব্যৱসায়ৰ ৰম্যভূমিলৈ পৰিণত হৈছে৷

চোৰাং ব্যৱসায়ীসকলে টেম্পু, মেজিক, মটৰ চাইকেল আদিত মুক্তভাৱে কাৰ্টনে-কাৰ্টনে বিলাতী সুৰা আনি পুৰণিগুদাম অঞ্চলৰ বিভিন্ন গ্ৰামাঞ্চলত অব্যাহত ৰাখিছে সুৰাৰ ব্যৱসায়৷ সময়ে সময়ে আবকাৰী বিভাগৰ লগতে আৰক্ষী-প্ৰশাসনে অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে অভিযান চলাই চুলাই মদৰ ঘাটি উচ্ছেদ কৰে যদিও পুৰণিগুদামত দেশীয় আৰু বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায় আজিও চলি আছে৷

পুৰণিগুদাম আৰক্ষী চকীৰ এলেকাৰ বিভিন্ন ঠাইত ভাঙৰ ব্যৱসায় অব্যাহত থকাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ ভাং সৰবৰাহ হয় বুলি সচেতন লোকে জানিবলৈ দিয়ে৷  পুৰণিগুদাম আৰক্ষীয়ে ব্যৱসায়ী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ আৰক্ষী-প্ৰশাসনে এই মদ আৰু ভাঙৰ ব্যৱসায়ী সকলক শীঘ্ৰে নাকী নলগালে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে স্থানীয় ৰাইজে৷