
ডিমাকুছিঃ ৰাজ্যত বৃদ্ধি পাইছে অবৈধ মদৰ বেহা৷ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ থেলি দি একাংশ সমাজবিৰোধী লোকে চলাই গৈছে অবৈধ মাদক দ্ৰব্যৰ ৰমৰমীয়া বেহা৷
আনহাতে এনে বেহাৰ ফলত পৰিৱেশো বিনস্ত হৈ আহিছে৷ কিন্তু তাৰ পাছতো চৰকাৰ প্ৰশাসনৰ গুৰুত্বহীন দৃষ্টিভংগীৰ বাবে ৰািজ অতীষ্ঠ হৈ পৰিছে৷
যাৰ পৰিপ্ৰেক্ষিতত আজি ডিমাকুছিৰ বৰঙাজুলি দৈনিক বজাৰত আটছা আৰু বৰঙাজুলি মদ নিবাৰণি সমিতিৰ দ্বাৰা অবৈধ দেশী-বিদেশী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলোৱা হয়৷
অভিযানত সমিতিকেইখনে দুই লক্ষাধিক টকাৰ সুৰা উদ্ধাৰ কৰি নষ্ট কৰি পেলায়৷
আনহাতে মাদক দ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে পাঁচ শতাধিক পুৰুষ-মহিলাই শ্ল’গান দি আজি ডিমাকুছিৰ আকাশ বতাহ কপাই তোলে৷