শোনিতপুৰত আমছু আৰু বজৰং দলে উচ্ছেদ কৰিলে অবৈধ মদৰ ঘাটি

ঢেকীয়াজুলিঃ শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত একাংশই অবৈধ চুলাই মদৰ ঘাটি পাতি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বহু লোকক৷ দেশীয় সুৰাৰ নামত বিভিন্ন কেমিকেল আনকি ইউৰীয়া সাৰ দি প্ৰস্তুত কৰা এই সুৰা সেৱন কৰি অকালতে মৃত্যু মুখত পৰিছে বহু লোক৷ এই সুৰাৰ বাবেই তিল তিলকৈ ধ্বংস হৈছে একোটা পৰিয়াল৷

কিন্তু এই ক্ষেত্ৰত নিৰৱ ভূমিকা আৰক্ষী প্ৰশাসন আৰু আবকাৰী বিভাগৰ৷ আজি শোনিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাটনিগাঁৱত দুটা অবৈধ চুলাই মদৰ ঘাটি ভাঙি লণ্ড-ভণ্ড কৰিলে স্থানীয় আমছু আৰু বজৰং দলৰ কৰ্মকৰ্তাই৷ ঠেলামৰাৰ কাটনিগাঁৱত গীতা কানু আৰু বিনোদ বড়ো নামৰ দুটা পৰিয়ালে দীৰ্ঘ দিনৰ পৰা অবৈধ ভাবে চুলাই মদৰ ঘাটি পাতি ৰমৰমীয়া বেহা চলাই আহিছিল৷ 

এই ক্ষেত্ৰত অঞ্চলবাসীয়ে আৰক্ষী প্ৰশাসনক বহু বাৰ জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত আজি স্থানীয় আমছু সংগঠন আৰু বজৰং দলৰ কৰ্মকৰ্তাই দুটা মদৰ ঘাটিত অভিযান চলাই বৃহৎ পৰিমানৰ চুলাই মদ জব্দ কৰি উক্ত স্থানতে লণ্ড-ভণ্ড কৰে৷ উল্লেখ্য, উক্ত দুটা পৰিয়ালে ইয়াত ৰমৰমীয়া অবৈধ সুৰাৰ বেহা চলাই অঞ্চলটোৰ সামাজিক পৰিবেশ বিনিষ্ট কৰাৰ লগতে অপৰাধ জনিত ঘটনা সংঘটিত হৈ আহিছে৷ 

সুৰাৰ প্ৰতি আসক্ত হৈ বহুলোক ধ্বংস হোৱাৰ লগতে যুৱ প্ৰজন্মইও সুৰাৰ প্ৰতি আসক্ত হৈছে বুলি সংগঠন দুটাই আজি ক্ষুব্ধ হৈ অবৈধ মদৰ ঘাটিত অভিযান চলাই উচ্ছেদ কৰে৷ পিছত ঘটনাস্থলীত ঠেলামৰা আৰক্ষী উপস্থিত হৈ গীতা কানু, বিমল বড়ো আৰু সাবিত্ৰী বড়ো নামৰ তিনি অবৈধ সুৰা ব্যৱসায়ীক আটক কৰি থানালৈ লৈ আনে৷ 

উল্লেখ্য যে, ঢেকীয়াজুলিৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী, ঠেলামৰা, বামুনপুখুৰী, বৰগাঁও, ভেৰগাঁও, বৰবিল আদি বিভিন্ন ঠাইত অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা চলি থকাৰ পিছতো আৰক্ষী প্ৰশাসন-আবকাৰী বিভাগৰ মৌনতাত সৰৱ হৈ সংগঠন কেইটাই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ 

ইয়াৰ ওপৰিও ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ব্যৱসায়ীক এলেকা সমূহৰ বিভিন্ন স্থানত একাংশ সুৰা ব্যৱসায়ীয়ে অৰুণাচলৰ পৰা আনি অবৈধ ভাবে সুৰা বিক্ৰি কৰি ৰমৰমীয়া ব্যৱসায় চলোৱাৰ লগতে উঠি অহা প্ৰজন্মক হাতৰ মুঠিতে সুৰাৰ বটল তুলি দি ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ 

ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৱকাৰী নামৰ বিভাগ এটা আছে যদিও ইয়াৰ বিষয়ববীয়া সকলৰ ভুমিকাই সচেতন মহলক উদিগ্ন কৰি তুলিছে৷