বিমুদ্ৰাকৰণ, ৭৩ হাজাৰ ভুৱা সংস্থাৰ নামত জমা হৈছিল ২৪ হাজাৰ কোটি, ৬৮ সংস্থাৰ বিৰুদ্ধেহে তদন্ত

newsnextone.com | ডিজিটেল ডেস্কঃ দেশ আৰু বিদেশৰ কলা ধনৰ পৰা দেশক মুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিমুদ্ৰাকৰণ কৰিছিল৷ পূৰ্বৰ নোট নিশাৰ ভিতৰতে বন্ধ কৰি দেশত নতুন নোটৰ প্ৰচলন কৰে৷ বিমুদ্ৰাকৰণৰ সময়ৰ ভয়াবহ দিনবোৰ দেশৰ জনসাধাৰণে আজিও পাহৰিব পৰা নাই৷ 

কলা ধনৰ প্ৰচলন বন্ধ কৰিবলৈ বিমুদ্ৰাকৰণ কৰিলেও ক'লা ধন অনায়সে জমা কৰিছিল একাংশ অস্তিত্বহীন সংস্থাই৷ এই কথা চৰকাৰী তথ্যত ওলাই পৰিছে৷ বিমুদ্ৰাকৰণৰ সময়ত কোনো নথি নথকা ৭৩,০০০ সংস্থাই বেংকৰ একাউণ্টত ২৪,০০০ কোটি টকা সোমাইছিল বুলি চৰকাৰী তথ্যত ওলাই পৰিছে৷  

দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা কোম্পানীৰ পঞ্জীয়ন থকা এনে একাউণ্ট সমূহ খাৰিজ কৰা বুলি কয় কৰ্পোৰেট মন্ত্ৰালয়ে৷ এই সমূহ কোম্পানীয়ে বে-আইনী ভাবে অৰ্থৰ আদান-প্ৰদান কৰি আহিছে বুলি কয়৷ পঞ্জীয়ন বাতিল কৰা ৭৩,০০০ হাজাৰ কোম্পানীয়ে ২৪,০০০ কোটি টকা বেংকত জমা কৰিছিল৷

বিগত সময়ত কৰ্পৰেট মন্ত্ৰালয়ে কি কাম কৰিছে সেই সন্দৰ্ভত জানিব বিচৰাত এই কথা উল্লেখ কৰে৷ মাথো ৬৮টা কোম্পানী আৰু ১৯টা ভুৱা কোম্পানীৰ বিৰুদ্ধেও তদন্ত কৰা বুলি কয় মন্ত্ৰালয়ে৷