
নলবাৰীঃ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতিভু শ্ৰীকৃষ্ণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শুকুৰবাৰৰ পৰা তেৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰীৰ ৰাস মহোৎসৱ। হাজাৰ হাজাৰ ভক্তৰ সমাগমত উদ্বোধনীৰ দিনাই উদুলি মুদুলি হৈ পৰিল নলবাৰীৰ ৰাসমহোৎসৱৰ ক্ষেত্ৰ।
ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি ৰসক সৰোগত কৰি ১৯৩৩ চনৰ পৰা ধাৰাবাহিক ভাবে উদযাপন কৰি অহা নলবাৰী শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগনৰ ৰাস মহোৎসৱৰ এইবেলি ৮৪ সংখ্যক। উদ্বোধন উপলক্ষে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগনন ভক্তৰ সমাগমত ৰাস মহোৎসৱ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
নলবাৰীৰ ৰাস মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সন্ধিয়া ছয় বজাত উদ্বোধন কৰা কথা আছিল যদিও বহু পলমকৈ উপস্থিত হোৱাত নিশা ৮.৩০ বজাত উদ্বোধন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিশা প্ৰায় ৭.৩০ বজাত নলবাৰী চহৰৰ মাজেৰে এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে বিশিষ্ট ব্যক্তিসকলক উদ্বোধনী অনুষ্ঠানলৈ আদৰি অনা হয়।
নলবাৰী চহৰৰ গড়কাপ্তানী ডাক বঙলাৰ পৰা উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰে আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্যই। উদ্বোধনী নলবাৰীৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি অশোক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত সাংসদ ৰমেন ডেকা, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মায়ো ভাষণ আগবঢ়ায়। অনুষ্ঠানটোত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, নাৰায়ণ ডেকা আদি উপস্থিত থাকে।