নদীৰ মাজত চুইচগেত নিৰ্মাণ কৰাৰ বাবে ব্যাপক খহনীয়াত ভীতিগ্ৰস্ত ৰাইজ

newsnextone.com| তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ বাহবাৰীত নদীৰ মাজত চুইছগেট স্থাপন কৰাৰ বাবে ব্যাপক গৰাখহনীয়া ভীতিগ্ৰস্ত হৈ পৰিছে স্থানীয় ৰাইজ। উল্লেখ্য যে কুমাৰীকাটাৰ পূৱ দিশে বৈ যোৱা গোহাঁই দং টোৰ পানীৰ সোত ৰোধ কৰিবলৈ চৰকাৰে পাঁচ বছৰ পূৰ্বেই স্থানীয় ঠিকাদাৰ এজনক এটা চুইচগেট নিৰ্মাণ কৰিবলৈ দায়িত্ব প্রদান কৰিছিল। কিন্তু আজিলৈকে উক্ত চুইচগেট টোৰ কাম সম্পূৰ্ণ হৈ নুঠিল আৰু ঠিকাদাৰে আধাতে কামৰ দায়িত্ব সামৰা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে৷  

আনহাতে পাঁচ বছৰ ধৰি চুইচগেট টোৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে বাহবাৰী গাঁওখনৰ চাৰিটাকৈ পৰিয়ালৰ ঘৰদুৱাৰ নদীত সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ ভয়ত ত্ৰষ্টমান হৈ পৰিছে পৰিয়াল কেইটা। সেয়ে গৰাহখনীয়াত পৰা পৰিয়ালৰ মহিলা গৰাকীয়ে কেমেৰাৰ সম্মুখতে হুক হুকাই কান্দি দিয়াৰ বিষয়ে সংবাদ মাধ্যমৰ দ্বাৰা বিয়পি পৰে। গাঁওখনৰ ৰাইজে বিভিন্ন সময়ত স্থানীয় বিধায়ক তথা ২৬ নং দৰঙাজুলীৰ এম চি এল এক উক্ত সমস্যাটোৰ বিষয়ে অৱগত কৰিছিলি যদিও আজিলৈকে বিধায়ক অথবা এম চি এল এ গৰাকীয়ে গাঁওখনৰ গৰাহ খহনীয়া ৰোধ কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

অতি দৰিদ্ৰসীমাৰেখাৰ তলত বাস উক্ত গাঁওখনৰ পৰিয়ালকেটাৰ ৰাতি শুবলৈ ভয় কাৰণ কোন সময়ত নদীৰ সোঁততে ঘৰদুৱাৰ উটুৱাই নিয়ে তাৰ কোনো নিশ্চয়তা নাই। বাহবাৰী গাঁওৰ ৰাইজে অতিশীঘ্ৰে চুইচগেট খন মুকলি কৰি দিয়াৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক সাহাৰ্য্য দিয়াৰ বাবে স্থানীয় বিধায়ক আৰু এম চি এল আহ্বান জনায়।