বৈদ্যগড়ত ৭১তম স্বাধীনতা দিৱস উদযাপন

তুলসীবাৰীঃ ৰঙিয়াৰ বৈদ্যগড় অঞ্চলৰ ভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত আজি পুৱাৰ ভাগত উদযাপন কৰা হল ৭১ তম স্বাধীনতা দিৱস।

স্থানীয় বৈদ্যগড় গাঁও পঞ্চায়ত কাৰ্যালয়, তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়, তৰণী মধ্য তথা নিম্ন প্ৰাথমিক বিদ্যালয়, বিদ্যাজ্যোতি শিশু নিকেতন, ন'ভা একাডেমী কে ধৰি আটাইকেইখন শিক্ষানুষ্ঠানৰ লগতে গাঁওবুঢ়া জয়ন্ত কুমাৰ ভূঞাৰ বাসগৃহত অংগনবাড়ী কৰ্মী তথা গঞা ৰাইজৰ সহযোগত শান্তিপূৰ্ণভাবে ৰূপায়িত হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী।

ইফালে স্থানীয় বৈদ্যগড় হাইস্কুলৰ ছাত্ৰী সকলে ভাৰত-ভূটান পথেৰে সমদল উলিয়াই বন্দে মাতৰম, ভাৰত মাতা কি জয়, আদি দেশপ্ৰেমমূলক শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে। স্বাধীনতা দিবসত ভয়-উৎকণ্ঠা পৰিহাৰ কৰি স্বত:স্ফুৰ্ত ভাবে অঞ্চলবাসী ৰাইজে অংশ গ্ৰহণ কৰাটোৱে ইতিবাচ বাৰ্তা বহন কৰিছে।