
ডিজিটেল ডেস্কঃ দেশৰ প্ৰথমগৰাকী মহিলা ডাক্তৰ আনন্দী গোপাল যোশীক এখন প্ৰতীকী ফটো ব্যৱহাৰ কৰি Google Doodle-এ সন্মান প্ৰদান কৰে৷ প্ৰথমগৰাকী মহিলা ডাক্তৰ আনন্দী গোপাল যোশীৰ ১৫৩ সংখ্যক ওপজা দিন উপলক্ষে Google Doodle-এ এই সন্মান প্ৰদান কৰে৷
শনিবাৰে পুৱাৰে পৰা Googleৰ আৰম্ভণি পেজত চিকিৎসকগৰাকীৰ প্ৰতীকী ফটো সংলগ্ন কৰে৷ বহু ঘাত-প্ৰতিঘাতৰ মাজত দেশৰ প্ৰথমগৰাকী মহিলা ডাক্তৰ হিচাপে চিকিৎসা সেৱা গ্ৰহণ কৰিছিল আনন্দী গোপাল যোশীয়ে৷
১৮৬৫ চনৰ ৩১ মাৰ্চত মহাৰাষ্ট্ৰৰ কল্যণৰ এটি ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আনন্দী গোপাল যোশীয়ে৷ বিবাহৰ পূৰ্বে তেওঁৰ নাম আছিল যমুনা৷ সেই সময়ত পৰম্পৰা অনুসৰি ৯ বছৰ বয়সত ২০ বছৰ বয়সৰ গোপালৰাও যোশীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল যমুনাৰ৷
বিবাহৰ পাছত হে তেওঁৰ নাম ৰখা আনন্দী৷ ১৪ বছৰ বয়সত তেওঁ প্ৰথমটো সন্তান জন্ম দিয়ে যদিও সন্তানটো মাথো ১০ দিন বাছি থাকে৷ এই ঘটনাৰ পাছতেই তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আহে৷
তাৰ পিছতেই তেওঁ চিকিৎসক হোৱাৰ মন মেলে৷ এই কথা স্বামীক অৱগত কৰে৷ হিন্দু সংস্কৃত পৰিয়ালত সেই সময়ত সংস্কৃত পঢ়াত গুৰুত্ব দিয়া হৈছিল৷ কিন্তু চিকিৎসক হ’ব লাগিলে ইংৰাজী পঢ়িব লাগিব৷ সেই সময়তে চিকিৎসক পঢ়িবলৈ আমেৰিকা যোৱাৰ সিদ্ধান্ত লয় তেওঁ৷ Drexel University College of Medicineত স্থান লাভ কৰে৷
আমেৰিকা যোৱাৰ পৰত নানা বাধই দেখা দিছিল৷ সেই সময়ত ব্ৰাহ্মণ মহিলাৰ বিদেশ ভ্ৰমণত বাধা আছিল৷ কিন্তু কাৰোৰে বাধা নামানি সকলো বাধা অতিক্ৰম কৰি কি কাৰণত আমেৰিকালৈ যাব লগা হৈছে তাৰ মন্তব্য দাঙি ধৰিছিল ৰাজহুৱাকৈ৷
হিন্দু সমাজত যে ডাক্তৰৰ প্ৰয়োজন সেই তেওঁ এই কথাক গুৰুত্ব দিছিল৷ তেওঁ কোনো কাৰণত ধৰ্ম পৰিৱৰ্তন নকৰে সেই কথা জনাই দিছিল৷ ৰাজহুৱা সভাত দিয়া ভাষণৰ পিছতেই তেওঁক সকলোৱে সমৰ্থন কৰে আৰু অৰ্থ সাহায্য প্ৰদান কৰে৷
১৯ বছৰত চিকিৎসা বিজ্ঞানৰ পঢ়া আৰম্ভ কৰি ১৮৮৬ চনৰ ১১ মাৰ্চত এম ডি হয়৷ তেওঁক ৰাণী ভিক্টোৰীয়াই সম্বৰ্ধনা যাচে৷ দেশলৈ আহি কোলাহপুৰৰ এলবাৰ্ট এডুৱাৰ্ড হাস্পতালত ফিমেল ফিজিচনাৰ ইনচাৰ্জ হিচাপে যোগদান কৰে৷
আমেৰিকা আৰু ভাৰতৰ পৰিৱেশৰ মাজত মিলিব নোৱাৰি তেওৰ শৰীৰত ৰোগে বাস লয়৷ তাৰ পিছতেই ১৮৮৭ চনৰ ২৬ ফেব্ৰুৱাৰীত ২২ বছৰ বয়সত ভাৰতৰ প্ৰথম ডাক্তৰ আনন্দী গোপাল যোশীৰ মৃত্যু হয়৷