
ডিজিটেল ডেস্কঃ এগৰাকী কিশোৰ-কিশোৰীয়ে নিজ পিতৃৰ মৃতদেহ ৮ কিঃমিঃ পথ নিজে ঠেলাৰে টানি আনিব লগা হোৱা ঘটনাই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে৷ এই ঘটনা অসমৰ নহয়৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত৷ উত্তৰ প্ৰদেশৰ বাৰাবংকী জিলাৰ ত্ৰিবেণীগঞ্জৰ৷
#Barabanki: Children carry their father's body home on a rikshaw in absence of a hearse van. Chief Medical Officer Dr. R.Chandra says,'We have 2 hearse vans at district level, the facility isn't availabe at CHC(Community Health Centre) level & body can't be taken in an ambulance' pic.twitter.com/n6A8fncllv
— ANI UP (@ANINewsUP) March 27, 2018
জানিব পৰা মতে, ত্ৰিবেণীগঞ্জৰ দৰিদ্ৰ পৰিয়ালৰ শাৰীৰিক ভাবে অক্ষম ৰাজকুমাৰ নামৰ কিশোৰগৰাকীয়ে ভগ্নী মঞ্জুৰ সৈতে ৰোগীয় পিতৃ মংচাৰামক চিকিৎসালয়লৈ নিয়ে৷
কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই পিতৃ মংচাৰামৰ মৃত্যু হয়৷ চিকিৎসালয় পোৱাৰ পিছতেই চিকিৎসকে মৃত্যু হোৱাৰ কথা অৱগত কৰি মৃতদেহ ঘৰলৈ লৈ যাবলৈ কয়৷
ৰাজকুমাৰ আৰু মঞ্জুৰ হাতত সেই সময়ত নাছিল এটাও টকা৷ তাৰ পিছত এখন ব্যক্তিগত শৱ কঢ়িওৱা গাড়ী ভাড়া কৰিবৰ বাবে মানুহৰ পৰা টকা সংগ্ৰহ কৰাৰ চেষ্টা কৰিছিল যদিও ৰাজকুমাৰ বিফল হয়৷ তাৰ পিছত সংগ্ৰহ কৰা কিছু অৰ্থৰে এখন হাতেৰে ঠেলিব পৰা এখন ঠেলা ভাড়া কৰে৷
জানিব পৰে মতে, বাৰাবংকীৰ উপাযুক্তই এই ঘটনা ব্যাপক চৰ্চা লাভ কৰাৰ পিছতেই লজ্জাজনক ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে৷ ঠেলাৰে পিতৃৰ মৃতদেহ ঘৰলৈ আনি অন্তিম সৎকাৰ কৰে ৰাজকুমাৰ আৰু মঞ্জুৱে৷ ত্ৰিবেণীগঞ্জ সামুহিক চিকিৎসা কেন্দ্ৰৰ প্ৰদীপ কুুমাৰ নামৰ চিকিৎসকগৰাকীয়ে তেওঁলোকৰ চিকিৎসালয়ত শৱ কঢ়িওৱা গাড়ী নাই বুলি কয়৷