নিৰুদ্দেশ পুত্ৰক বিচাৰি মোদীলৈ চিঠি পিতৃৰ

ডিজিটেল ডেস্কঃ বিদেশত নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি এগৰাকী পিতৃয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে। ১৫ মাৰ্চত পুত্ৰৰ সৈতে শেষবাৰৰ বাবে কথা হৈছিল পিতৃয়ে। তাৰ পিছৰপৰা ফোন অফ, কোনো যোগাযোগ নাই পুত্ৰৰ সৈতে। 

এই ঘটনা ঘটিছে এলাহবাদ এগৰাকী প্ৰযুক্তিকৰ্মীৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰ্মৰত ৪০ বৰ্ষীয় প্ৰযুক্তি কৰ্মী দিলীপ কুমাৰ কেলিফৰ্ণিয়াৰ চেন জ’চত কৰ্মৰত আছিল।

হঠাতে এনেদৰে নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি নাপাই পিতৃ ব্ৰিজ বিহাৰী লাল শ্ৰীবাস্তৱে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতে অনুসন্ধান আৰম্ভ হয়। দিলীপৰ ম’বাইলটো বাসগৃহৰ ভিতৰতে পোৱা গৈছে যদিও আন কোনো ধৰণৰ সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উপায়ন্তৰ পিতৃয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষ্মা স্বৰাজলৈ পত্ৰ লিখি অনুসন্ধানত সহযোগ আগবঢ়োৱাৰ বাবে অনুৰোধ জনাইছে।