ধনেশ্বৰ বসুমতাৰীৰ নেতৃত্বত নেপালত সফলতা, আদৰণি ভাৰতীয় ফুটবল দলক

ওদালগুৰিঃ যোৱা ৩-৪ এপ্ৰিলত নেপালৰ ৰাজধানী কাঠমাণ্ডু অনুষ্ঠিত হোৱা চতুৰ্থ ষ্টুডেণ্ট অলিম্পিক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অনুৰ্ধ-১৭ ফুটবলত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ফুটবল দলটোৱে সফলতা অৰ্জন কৰে৷

নেপালৰ বিৰুদ্ধে ৭-০ গলত জয়ী হৈ সফলতা অৰ্জন কৰে। আনহাতে ক্ৰীড়াত ২২ অনুৰ্ধ ফুটবলৰ চূড়ান্ত খেলত ভাৰতীয় দলটোৱে নেপালৰ বিৰুদ্ধে ৪-৩ গলত পৰাস্ত হৈ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে। 

দুয়োটা ফুটবল দলে ৰেলযোগে ওদালগুৰি ষ্টেচনত উপস্থিত হোৱাত ক্ৰীড়াপ্ৰেমীয়ে উষ্ম আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত ওদালগুৰি মহাবিদ্যলয়ৰ অধ্যক্ষ লুক দৈমাৰীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী সাংবাদিক উপস্থিত থাকে৷ দল দুয়োটাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। উল্লেখ্য যে, দলদুটাৰ প্ৰশিক্ষক হিচাপে নিযুক্তি পাইছিল ধনেশ্বৰ বসুমতাৰীয়ে।