
ধুবুৰীঃ প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শনিবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত কংগ্ৰেছ নেতা-কৰ্মীৰয়ে এটি সমদল উলিয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে৷
জিলা খনৰ ৰূপচী ব্লক কংগ্ৰেছ সমিতি আৰু ৰূপচী মণ্ডল কংগ্ৰেছ সমিতিয়ে প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু দিনটোক স্মৰণ কৰি দিনৰ ১১ বজাত ৰূপচী বজাৰৰ পৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী মহিবুল হকৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ-নেতা কৰ্মীয়ে ৰূপচী বজাৰৰ পৰা সুখিতী খাতা হৈ দাওভাঙী মহাবিদ্যালয়লৈ প্ৰায় পাঁচ কিলোমিটাৰ পথ হাতে হাতে বেনাৰ পোষ্টাৰ লৈ পদযাত্ৰা কৰে।
পদযাত্ৰাত ইন্দিৰা গান্ধী অমৰ হওক, বি জে পি চৰকাৰ মূৰ্দাবাদ, কংগ্ৰেছৰ হাত মজবুত কৰক, তৰুন গগৈ জিন্দাবাদ-ৰাহুল গান্ধী জিন্দাবাদ আদি শ্লে’গান দিয়া পৰিলক্ষিত হয়৷ পিছত সমদলটোৱে পদযাত্ৰা সমাপ্ত কৰি দাওঁ ভাঙী মহাবিদ্যালয় প্ৰংগন এখন সভা অনুষ্ঠিত কৰে৷
সভাত প্ৰয়াত ইন্দিৰা গান্ধীৰ বাল্যকাল, ৰাজনৈতিক জীৱন আৰু আততায়ীৰ গুলীত শ্বহীদ হোৱাৰ ঘটনা বিতংকৈ আলোচনা কৰা হয়৷ সভাখনত প্ৰাক্তন মন্ত্ৰী মহিবুল হকে দেশৰ স্বাধীনতা সংগ্ৰামত ইন্দিৰা গান্ধীৰ অৱদানৰ কথা আলোকপাত কৰে। ইফালে গৌৰীপুৰ দেৱীতোলা ব্লক কংগ্ৰেছৰ উদ্যোগত শিলাৰপাৰ পঞ্চায়ততো প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যু শতবাৰ্ষিকী পালন কৰে৷