হাৰিয়ানাত উজলি উঠিল নগাঁৱৰ ইন্দ্ৰাণী

নগাঁওঃ হাৰিয়ানাৰ গুৰুগ্ৰামত 'নিষ্ঠা সাংস্কৃতিক মঞ্চ'ৰ অনুষ্ঠিত কৰা সৰ্বভাৰতীয় নাট্য আৰু নৃত্য প্ৰতিযোগিতাত উজলি উঠিল নগাঁৱৰ প্ৰতিভাৱান শিল্পী ইন্দ্ৰাণী গোস্বামী৷ জিলাখনৰ হাতীচোং মৌজাৰ অন্তৰ্গত মাজ-জাজৰি নিবাসী ভৱেন চন্দ্ৰ গোস্বামী আৰু ৰুকুমনি গোস্বামীৰ কন্যা ইন্দ্ৰাণীয়ে প্ৰতিযোগিতাক ব্যক্তিগত শাখাৰ উচ্চ বিভাগত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখলেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

শিল্পী ৰাজু শৰ্মাৰ 'পোহৰ ডান্স একাডেমী' দলৰ এগৰাকী সত্ৰীয়া শিল্পীৰূপে প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছিল ইন্দ্ৰাণীয়ে৷ ইফালে, উক্ত প্ৰতিযোগিতাত 'পোহৰ ডান্স একাডেমী'ৰ শিল্পীসকলে দলীয় শাখাত দ্বিতীয় স্থান আঁজুৰি আনিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন এগৰাকী উদীয়মান শিল্পী সুস্মিতা হাজৰিকাই কনিষ্ঠ শাখাৰ লোকনৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷

নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী ইন্দ্ৰাণীয়ে পূৰ্বেও ওড়িশাৰ কটকত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱটো অংশ লৈ সত্ৰীয়া শাখাত পুৰস্কাৰ লাভ কৰে৷ 'পোহৰ ডান্স একাডেমী' আৰু ইন্দ্ৰানীৰ এনে সাফল্যত স্বাভাবিকতেই সমগ্ৰ নগাঁও জিলাতে আনন্দৰ বন্যা বৈছে৷