
বিহালীঃ অসমীয়া জাতিৰ প্ৰতিবাদ শুনিও নুশুনা অহংকাৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ উদ্ধোধন কৰিলে ৰাজ্যৰ দ্বিতীয়খন পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়৷
অসমে কাহানিও নাম নুশুনা এজন ব্যক্তিৰ নামেৰে নামকৰণ কৰিব খোজা বিষয়টোক লৈ ৰাজ্যজুৰি চলা তীব্ৰ প্ৰতিবাদক আওকান কৰি হিমন্তই প্ৰমাণ কৰিলে যে অসমত মদগৰ্বী মন্ত্ৰীগৰাকীৰে ৰাজত্ব চলে৷
আজি বিশ্বনাথ জিলাৰ ৰতোৱাত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ শুভাৰম্ভৰ প্ৰাক মুহূৰ্তত সৃষ্টি হৈছিল উত্তাল পৰিৱেশৰ৷ বিভিন্ন দল-সংগঠনে হাতত কলা পতাকা লৈ শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
কিন্তু সকলো ফুটুকাৰ ফেন হোৱা হে পৰিলক্ষিত হয়৷ অসমখনক নিজৰ পৈতৃক সম্পত্তি জ্ঞান কৰা মন্ত্ৰী গৰাকীয়ে ৰতোৱাত উপস্থিত হোৱাৰ পাছত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ প্ৰাংগনত হাজাৰোধিক লোক সমবেত হয়৷ বিহালীৰ ৰতোৱাত বিশাল সমাৱেশৰ মাজত উপস্থিত হৈ শিক্ষামন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খন উদ্বোধন কৰে।
এই শুভ উদ্বোধনী অনুষ্ঠানত শক্তি মন্ত্ৰী পল্লৱ লোচন দাস, জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলাৰ উপায়ুক্ত আশিতক্ষ্য চক্ৰৱৰ্তী, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী, দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত দুৱৰা, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথ উপস্থিত থাকে৷
ইফালে ৰাজ্যৰ তামাম প্ৰতিবাদক নেওচি মহাবিদ্যালয়খন উদ্বোধন কৰাত স্বাভিমানী শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দল-সংগঠনসমূহ ক্ষুন্ন হৈ পৰিছে৷