
কোকৰাঝাৰঃ কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয় প্ৰাংগনত অহা ১৭-২৩ মাৰ্চলৈ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হ’ব।
ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱক কেন্দ্ৰ কৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি জানিব পৰা গৈছে।
আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱৰ মুখ্য আহ্বায়িকা তথা কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়ৰ অধ্যক্ষা লেৰী ব্ৰহ্মই সদৰি কৰা মতে, মহোৎসৱত ৰাছিয়া, ইটালী, ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰোমানিয়া, থাইলেণ্ড, ভিয়েটনাম, বাংলাদেশ আৰু দেশৰ বহু বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰিব। অহা ১৭ মাৰ্চত আনুষ্ঠানিকভাৱে উক্ত মহোৎসৱৰ শুভ উদ্বোধন কৰা হ’ব বুলি মুখ্য আহ্বায়ক লেৰী ব্ৰহ্মই সদৰি কৰিছে।