শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

নামতিঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অহা ২৮,২৯ আৰু ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় আলোচানা চক্ৰ৷

"Research and Development Initiatives on the promotion of inclusive Society" শীৰ্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত হব’লগীয়া আলোচনা চক্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, থাইলেণ্ড, শ্ৰীলংকা, বাংলাদেশ, ইংলেণ্ড আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ অধ্যাপক, অধ্যাপিকা আৰু গৱেষকে অংশগ্ৰহণ কৰিব।

আলোচনা চক্ৰ সাফল্যমণ্ডিত কৰি তুলিবলৈ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিবলৈ দিয়ে। সকলো শ্ৰেণীৰ লোকৰ সহায়-সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিছে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই।