ৰঙিয়াত অব্যাহত আছে ইৰাণীৰ সন্ত্ৰাস, লুটিলে যুৱতী, কণী ব্যৱসায়ীক

ৰঙিয়াঃ সেনা-আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা ৰঙিয়াত ইৰাণী গ্ৰুপৰ সন্ত্ৰাস অব্যাহত আছে৷ যোৱা ছয় মাহত সেনা জোৱান শিক্ষক সহ কেইবাগাৰকী লোকক   লুটি নিয়াৰ পিছতো ৰঙিয়া আৰক্ষীয়ে শুই থকা পৰিলক্ষিত হৈছে৷ পুনৰ বৃহস্পতিবাৰে ৰঙিয়াত ইৰাণী গ্ৰুপৰ সদস্যই লুটিলে বৃহৎ পৰিমানৰ ধণ৷ ৰঙিয়া চহৰৰ মাজমজিয়াত  দিন-দুপৰতে সংঘটিত হয় ধন লুটি নিয়াৰ ঘটনা।

কেইজনমান ইৰাণী গ্ৰুপৰ সদস্যই ৰঙিয়াত প্ৰবেশ কৰি প্ৰথমে  মা’ মালতী ফাৰ্মাচীৰ এগৰাকী গ্ৰাহকৰ পৰা ৫০ হাজাৰ টকা লুটি নিয়াৰ পিছতে চহৰৰ আন এখন কণীৰ দোকানৰ পৰা লুটি নিয়ে ২৫ হাজাৰ টকা। ৰঙিয়া মহকুমাৰ আঠগাঁৱৰ কামিনী কলিতা নামৰ এগৰাকী যুৱতীয়ে অসম গ্ৰামীন বিকাশ বেংকৰ ৰঙিয়া শাখাৰ পৰা ৫০ হাজাৰ টকা উলিয়াই। যুৱতীগৰাকীয়ে টকাকেইটা উলিয়াই অনাৰ পিছতে ৰঙিয়া মা’ মালতী ফাৰ্মাচীত আহি টকাৰ বেগটো ওচৰতে থৈ ঔষধ কিনিব ধৰোতেই এজন লোকে টকাৰ বেগটো লৈ উধাও হয়।

আনহাতে একে সময়তে ৰঙিয়া শান্তিপুৰ ৰোডত থকা সম্ভূৰাম দাসৰ কণীৰ দোকানত ইৰাণী গ্ৰুপৰ দুজন সদস্য প্ৰবেশ কৰি কণী কিনাৰ ভাওঁ জোৰে৷ দুজনলোকে দোকানখনত প্ৰবেশ কৰি এজনে কণীৰ দৰ-দাম কৰে আৰু একপ্লেট কণী লয়। কণীপ্লেট লৈয়ে কিছু পইছা ব্যৱসায় জনৰ হাতত দি আঁতৰি যায় এজন লোক। লোকজনে দিয়া টকা কেইটা হিচাপ কৰি চাই ৩০ টকা কমকৈ দিয়া বুলি অৱগত হয় তণী ব্যৱসায়ী৷ ভিতৰত থকা লোকজনে ৩০ টকা কমকৈ দিয়া বুলি অৱগত হোৱাত তাক ধৰক বুলি কয়।

ধৰক বুলি কোৱাৰ লপিছতে অকণো সময় নষ্ট নকৰি ব্যৱসায়ীগৰাকীয়ে গ্ৰাহকজনক খেদি গৈ অলপ দূৰত লগ ধৰে আৰু পইছা কমকৈ দিয়া বুলি কয়৷ লগে লগে উক্ত লোকজনে কণীকেইটা ওভতাই দি টকা কেইটা অলপ পলমকৈ নিম বুলি কোৱাত ব্যৱসায়ীগৰাকী ওভতি আহে। উক্ত সময়তে দোকানখনত উপস্থিত থকা লোকজনে দোকানৰ বাকচত থকা ২৫ হাজাৰ টকা লৈ উধাও হয়।

উপায়ন্তৰ হৈ দোকানী জনে যুৱকজনক বিচাৰি ৰঙিয়া ষ্টেছনত উপস্থিত হয় যদিও ফাৰ্মাচীখনৰ গ্ৰাহকগৰাকীৰ পৰা নিয়া টকাৰ বেগটোহে ষ্টেছনৰ সমীপৰ জাৱৰৰ দমৰ পৰা উদ্ধাৰ হয়। ইৰাণী গ্ৰুপৰ সদস্যই ৰঙিয়া চহৰত পৃথকে পৃথকে একে সময়তে কৰা এনে ঘটনাৰ সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত দুটা গোচৰ ৰুজু কৰা হৈছে যদি বৰ্তমানলৈ কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷