
কালুগাঁওঃ শিৱসাগৰ জিলাৰ শিৱসাগৰ, আমগুৰি আৰু নাজিৰা এই তিনিটা বিধান সমষ্টি সামৰা ঐতিহাসিক খৰিকটীয়া আলিৰ জয়সাগৰৰ সুন্দৰপুৰ তিনি আলিৰ সমীপৰ ডিমৌ উপ নৈৰ ওপৰত এখন, তাৰ সমীপতে আন এখন আৰু কালুগাঁও কিৰাইআলি মূৰৰ সমীপত নামদাং নৈৰ ওপৰত এখন সহ মুঠ তিনি খনকৈ লোহাৰ দলং এতিয়া স্থানীয় ৰাইজৰ বাবে যেন মৰণফান্দলৈ পৰিণত হৈছে।
উল্লেখযোগ্য যে, ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ ইতিহাস বিজড়িত জিলাখনৰ অতি ব্যস্ততাপূৰ্ণ এই পথটোৰে শলগুৰি মৌজাৰ বৃহত্তৰ কালুগাঁও, শলগুৰি, মিছাজান, দেওপানী, বৰচিলা আদি অঞ্চলৰ লগতে জোকতলি মৌজাৰ বৃহৎ অঞ্চলৰ ৰাইজে শিৱসাগৰ নগৰৰ লগত যাতায়ত কৰে।
ঐতিহাসিক গুৰুত্ব থকাৰ লগতে বৰ্তমান সময়ত এটা অতি ব্যস্ততাপূৰ্ণ পথ হিচাপে পথটোৱে যিমান গুৰুত্ব পাব লাগিছিল আৰু যিদৰে নিৰ্মাণ হ’ব লাগিছিল সেয়া হৈ উঠা নাই। দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটো বৰ্তমান বিশ্ব বেংকৰ অৰ্থৰে নিৰ্মাণ কৰি থকা হৈছে যদিও পথটোৰ সুন্দৰপুৰ তিনি আলিৰ পৰা শলগুৰি আলিমূৰলৈকে পথচোৱাৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া গতিত আগবাঢ়িছে আৰু বৰ্তমানেও এই অংশ অতি জৰাজীৰ্ণ অৱস্থাত আছে।

আনহাতে সুন্দৰপুৰৰ পৰা কিৰাই আলিমূৰৰ সমীপৰ নামদাং নদী পৰ্যন্ত পথটোৰ ওপৰত থকা তিনিখনকৈ লোৰ দলঙৰ অৱস্থা এতিয়া তেনেই তথৈবচ। দলঙৰ ওপৰৰ লোহাৰ প্লেটবোৰ এৰাই যোৱাৰ ফলত যান-বাহন চলাচল কৰোতে বিকট শব্দৰ সৃষ্টি হৈ অঞ্চল সমূহত ভীষণ শব্দ প্ৰদূষণৰ সৃষ্টি হৈছে।
তদুপৰি দুষ্কৃতিকাৰীয়ে দলঙৰ পাইপ চুৰি কৰিবলৈ ধৰাত দলঙৰ ওপৰত বৃহত বৃহত ফাঁক হৈ তিনিও খন দলং এতিয়া অঞ্চলবাসীৰ বাবে একোখন মৰণফান্দলৈ পৰিণত হৈছে। তিনিও খন দলঙতে বৰ্তমানলৈকে কেইবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ মানুহ আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও যান-বাহনৰ ক্ষতি সাধন হৈছে।
পথটোৰ নিৰ্মাণৰ লগতে এই দলং কেইখনো পকীকৰণ হ'ব যদিও সেয়া কেতিয়া হৈ উঠিব তাৰ কোনো নিশ্চয়তা নাই। ফলত স্থানীয় ৰাইজে মৰণফান্দ সদৃশ এই দলং কেইখনেৰে নিতৌ বিপদ সংকুল যাতায়ত কৰিব লগা হৈছে।
এনে পৰিস্থিতিত গড়কাপ্তানি বিভাগে মেৰামতি ব্যৱস্থা কৰিব লাগিছিল যদিও বিভাগীয় বিষয়া কৰ্মচাৰী সকল এতিয়া সম্পূৰ্ণ কুম্ভকৰ্ণ নিদ্ৰাত। ফলস্বৰূপে স্থানীয় ৰাইজ এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে।