
ঢেকিয়াজুলিঃ বাৰিষা আহিলেই নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰে৷ জানোচা নিদ্ৰাৰত অৱস্থাতেই বেৰৰ জলঙাৰে নৈখন বৈ যায়৷ যদি কাঢ়ি লৈ যায় চিৰদিনৰ বাবে আইৰ নিচুকণি গীতবোৰ...৷
কাৰণ ৰাজ্যখনৰ মথাউৰিৰ অৱস্থা একেবাৰেই তথৈবচ৷ বৰমূৰীয়াই মথাউৰি নিৰ্মাণৰ বাবে আঁচনি ৰূপায়ণ কৰে যদিও ফাইলতে থাকি যায় মথাউৰি নিৰ্মাণৰ নমুনা৷ বাৰিষা আহিলেই শোণিতপুৰৰ গাভৰুনদীৰ ভঙা মথাউৰিৰ পাৰত কৃষক ৰাইজে দিন ৰাতি পাৰ কৰে প্ৰলয়ৰ আশংকাত৷
জানিব পৰা মতে, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল শুই থকা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ নিৰ্বাচনৰ সময়ত বৰ বৰ কথাৰে প্ৰতিশ্ৰতি দিয়া বিধায়কগৰাকী এতিয়া ক’ত বুলি প্ৰশ্ন কৰে ৰাইজে৷
চৰকাৰে ২০১৮ চনৰ জানুৱাৰীৰ পৰাই মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি ৰাইজক আশ্বাস দিছিল৷ কিন্তু জানুৱাৰী গৈ এতিয়া বাৰিষা সমাগত হোৱাৰ পাছতো আজি পৰ্য্যন্ত বিভাগীয় লোকসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷
আনহাতে চৰকাৰী ধনৰ শৰাধ কৰিবলৈ বাৰিষাৰ জীয়া ঢলে সংহাৰী ৰূপ ধাৰণ সময়তে একাংশ দালালৰূপী ঠিকাদাৰ-অভিযন্তাই মথাউৰি নিৰ্মাণ কৰিবলৈ আহে বুলি ক্ষোভ উজাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ মেঘাইজাৰণী অঞ্চলৰ ৰাইজ৷
উল্লেখ্য যে, গাভৰুনদীয়ে কাল ৰূপ ধাৰণ কৰি এই অঞ্চলটোত বিগত কেইবা বছৰ ধৰি ৰাইজক সৰ্বশ্ৰান্ত কৰি আহিছে৷ অঞ্চলটোৰ ৰাইজক ইয়াৰ পৰা পৰিত্ৰাণ দিবলৈ শোণিতপুৰ জিলা জলসম্পদ বিভাগে ২০১৬-১৭ বৰ্ষত গ্ৰহণ কৰিছিল ১.৮০ লাখ টকীয়া মথাউৰী নিৰ্মানৰ এক ব্যয়বহুল আঁচনি হাতত লৈছিল।
এই আঁচনি বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ সোণৰ কণী পৰা হাঁহতহে পৰিণত হ’ল৷ বাৰিষাৰ আগে আগে মথাউৰি নিৰ্মাণত গুৰুত্ব নিদি এইসকল ঠিকাদাৰে বাৰিষা আৰম্ভ হোৱাৰ লগে লগেই মথাউৰি নিৰ্মানত নামি পৰে আৰু সময়ত নদীখনৰ পানী ওফন্দি পৰি নিৰ্মীয়মান মথাউৰিটো ভাঙি পেলাই৷
এনেদৰেই এই মথাউৰিৰ পাৰত বসবাস কৰা কৃষিজীৱি ৰাইজক গিনিপিগ সজাই নিজৰ মইমতালিৰে ঠিকাদাৰ আৰু বিভাগীয় সকলে মথাউৰি নিৰ্মাণ কৰাৰ ফলতেই ৰাইজে সুফল কৰিবলৈ আজিও সমৰ্থ নহ’ল৷ এই মথাউৰিটো যদি এইবাৰ পুনৰ নিৰ্মাণ নহয় তেন্তে ঢেকীয়াজুলি সমষ্টিৰ মেঘাইজাৰণি, বৰবিল, বৰবিল পথাৰ, ঘটুৱা, কাঁহিকুচি আদি গাওঁ সমূহ আৰু হাজাৰ হাজাৰ বিঘা কৃষিভুমি নৈৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
আনহাতে স্থানীয় ৰাইজে ক্ষোভিত হৈ কয়, বিভাগীয় লোকসকলে যদি মথাউৰি নিৰ্মাণৰ বাবে বিশেষজ্ঞ জৰিয়তে বিজ্ঞান সন্মত পদ্ধতি গ্ৰহণ নকৰে, পূৰ্বৰ দৰেই বাৰিষাৰ সময়ত কেৱল বাঁহৰ পাৰ্কপাইন, ড্ৰামৰ জৰিয়তেই নিৰ্মাণ কাৰ্য আৰম্ভ কৰে তেনেহ’লে সেই আগৰ দৰেই টকা বোৰ পানীত পেলোৱাৰ বাহিৰে কোনো কাম নহ’ব বুলি মতপোষণ কৰে ৰাইজে ৷