
নগাঁওঃ নিৰ্মল ভাৰত অভিযান শীৰ্ষক গুৰুত্বপূৰ্ণ আঁচনিখন নগাঁও জিলাত একপ্ৰকাৰে ভালুকৰ সাঙীত পৰিণত হৈছে ৷ কিয়নো, নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত এই আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে যদিও ইয়াৰ পূৰ্বে একে উদ্দেশ্যৰে ৰূপায়ণ কৰা সম্পূৰ্ণ অনাময় আঁচনি আৰু বিশুদ্ধ খোৱাপানী যোগান আঁচনিকেইখন আজিলৈকে সঠিক ৰূপত কাৰ্যকৰী হোৱা নাই৷
পানীয়ে মানুহৰ প্ৰাণ৷ আহাৰ নোখোৱাকৈ এসপ্তাহ পৰ্যন্ত থাকিব পাৰি, কিন্তু পানী নোখোৱাকৈ তিনি দিনো থকা অসম্ভৱ৷ কিন্তু সেইবুলি পুখুৰী, নদী অথবা নলাৰ পানী নিশ্চয় খাব নোৱাৰি৷ বিশুদ্ধ পানীৰ নামত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰিছে যদিও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নগাঁও জিলাৰ ধিং উপ-সংমণ্ডলৰ ৰাইজে৷
ৰাজ্য চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ ধিং উপ-সংমণ্ডললৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে গ্ৰাম্যাঞ্চল সমূহত ন-ন পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰাৰ বিপৰীতে দীৰ্ঘদিন ধৰি চলি থকা ধনীয়াভেটী পানী যোগান আঁচনিখন পৰা প্ৰায় তিনিবছৰ আগেয়ে বন্ধ হৈ পৰাত বৰ্তমান স্থানীয় ৰাইজে বিশুদ্ধ খোৱাপানী নোপোৱাত এতিয়া হাহাকাৰ অৱস্থা হৈছে।
অঞ্চলবাসীৰ অভিযোগ মতে, ১৯৮৩ চনত স্থাপিত হোৱা এই আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য ঠিকেই আছিল যদিও বৰ্তমান মূল উদ্দেশ্যৰ কথা চৰকাৰে পাহৰিলে। কিয়নো বিগত ৩২ বছৰে জনৈক আলি উপাধিধাৰী লোক এজনে নিজা মাটি দান কৰি চৰকাৰৰ পৰা এটি চাকৰি লাভ কৰিছিল যদিও বৰ্তমানে আঁচনিখন প্ৰহসনত পৰিণত হোৱা বুলি দাবী তুলিছে।
চৰকাৰে এজন কৰ্মচাৰী নিয়োগ কৰাৰ পিছতো আঁচনিখনৰ অধীনস্থ চাৰি বেৰৰ দেৱাল খহি যোৱাৰ ফলত ভিতৰ চৰাৰ পৰিৱেশ বিনষ্ট হ’ব ধৰিছে। উল্লেখ্য যে, বিগত সময়চোৱাত আঁচনি খনে অঞ্চলবাসীক খোৱা পানী যোগান ধৰি আহিছিল যদিও হঠাৎ আঁচনিখন পুনৰ সফল ৰূপায়ণ কৰি তুলিবলৈ স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰি আহিছিল।
সেই সূত্ৰে পানী যোগান আঁচনিৰ বিভাগটোৱে বিদ্যুৎ বিভাগৰ লগত যোগাযোগ কৰি আঁচনি খন পুনৰ কায্যৰ্ক্ষম কৰি তুলিবলৈ বিচাৰিছিল। ধিং বিদ্যুত উপ-সংমণ্ডলৰ কায্যালয়ৰ পৰা আঁচনিখনৰ নামত প্ৰায় তিনি লক্ষাধিক টকাৰ বিল প্ৰেৰণ কৰিছিল। সেয়েহে বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবেহে যে আঁচনিখন বিকল হৈ আছে সেয়া সহজে অনুমেয়।
এতিয়া প্ৰশ্ন হয়, তিনি বছৰত তিনিটা বাল্ব নজ্বলি কেনেকৈ বিদ্যুৎ বিভাগে আঁচনিখনৰ নামত লক্ষাধিক টকাৰ বিল প্ৰেৰণ কৰিছিল সেয়া এক আশ্চৰ্য্যৰ বিষয়। "দুই ম'হৰ যুজত বিৰিণাৰ যে মৰণ "সেয়াই প্ৰমাণিত হ’ব ধৰিছে উক্ত আঁচনি খনৰ ক্ষেত্ৰত । সেয়েহে বিদ্যুৎ আৰু জলসিঞ্চন বিভাগে মিলিত হৈ আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি তুলি প্ৰায় সহস্ৰাধিক ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী তুলিছে অঞ্চলবাসীয়ে।