
newsnextone.com | মঙলদৈঃ ‘‘দাদা আমাৰ ঘৰৰ পুখুৰীটোৰ পাৰ ইয়াতকৈ ডাঙৰ৷ ইমান সোনকালে আমাৰ পুখুৰীৰ পাৰ ভাঙি নাযায়৷ কিন্তু এইটো দেখিছেনে এজাক বৰষুণতে খহি যাবলৈ আৰম্ভ কৰিলেই৷ আপুনি ভাবক দাদা এইটো পুখুৰীৰটো পাৰ নহয় এইটো মথাউৰিহে৷ এই মথাউৰিটোৱে আমাক সুৰক্ষা দিব পাৰিব নে আপুনিয়ে কওকচোন৷’’ এয়া আছিল এজন যুৱকৰ অভিযোগ৷
newsnextone.comৰ সাংবাদিকক এনেদৰে আৱেগ জাহিৰ কৰিলে দৰং জিলাৰ মঙলদৈৰ বাংলাগড় চাহ বাগিচাৰ সমীপৰ এজন যুৱকে৷ মথাউৰি নিৰ্মাণৰ দুৰ্নীতি তথা চৰকাৰে কৈ অহা কথা আৰু কামৰ মিল নথকাত যুৱকজনে সাংবাদিকক মাটি নি দেখুৱালে মথাউৰিৰ অৱস্থা৷ লাখ লাখ টকাৰে নিৰ্মাণ কৰা এটি মথাউৰি এজাক বৰষুণতে খহি যাব ধৰাত তীব্ৰ শংকাত দিন পাৰ কৰা বুলি কয় যুৱকজনে৷
দৰং জিলাৰ নোৱা নৈৰ পাৰৰ লোকে প্ৰতিবছৰে বানৰ কৱলত পৰি ককবকাব লগা হয়৷ বাৰিষাই নৰক যন্ত্ৰণা সহিব লগা হয় জলসম্পদ বিভাগৰ বাবে। কিয়নো দৰং জিলাত বছৰৰ পাছত বছৰ ধৰি বহু মথাউৰি আজিও মেৰামতি নকৰাৰ লগতে এচপৰা মাটি পৰা নাই৷ ইমানে নহয় যি কেইটা মথাউৰি নিৰ্মাণ কৰা হৈছে সেয়া বালিৰে কেৱল জংঘল ঢাকি দিয়া হৈছে৷ বৰষুণ দিয়াৰ পিছতে এফালৰ পৰা খহি যাবলৈ আৰম্ভ কৰে বালি সমূহ৷
শেহতীয়াকৈ মঙলদৈৰ বাংলাগড়ৰ চাহ বাগিচাৰ সমীপৰে বৈ যোৱা নোৱা নৈৰ পাৰত নিৰ্মাণ কৰা মথাউৰিটো নিৰ্মাণ কাৰ্য সমাপ্ত নৌহওতেই খহি যাবলৈ আৰম্ভ কৰাত ৰাইজ চিন্তিত হৈ পৰাৰ লগতে চৰকাৰক মথাউৰি নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনাইছে৷ ৩০ এপ্ৰিলৰ পূৰ্বে মথাউৰি নিৰ্মাণ কৰিবলৈ ডেডলাইন দিয়াৰ ফলতে নিশাৰ ভিতৰতে মথাউৰি নিৰ্মাণ কৰি বাঃ বাঃ লব খোজা চৰকাৰে হয়তো অৱগত নহয় বালিৰে হে নিশাৰ ভিতৰতে মথাউৰি নিৰ্মাণ কৰিব পাৰি৷ কিন্তু ডেডলাইন উকলি যোৱাৰ পিছতো মঙলদৈৰ বাংলাগড় মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ নহল। বিভাগীয় বিষয়াৰ হেচাত ঠিকাদাৰে বালিৰে কাম কৰাৰ ফলত কেইজাকমান বৰষুণৰ ফলতেই এতিয়া জহি খহি যাবলৈ আৰম্ভ কৰিছে মথাউৰিটো।
পৰিৱৰ্তনৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনত বিষয়া-অভিযন্তাসকলে কমিচন লৈ ঠিকাদাৰক দুৰ্নীতি কৰাৰ সুবিধা দিয়া বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দৰং জিলা ছাত্র সন্থাই অভিযোগ উত্থাপন কৰে। দৰং জিলাৰ উপায়ুক্ত অশোক বৰ্মনে চৰকাৰী বাহিনীৰ ৰোষত পৰাৰ ভয়তেই মুকলি দুৰ্নীতি হোৱাৰ পিছতো তদন্ত কৰিবলৈ সাহস কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে সংগঠন দুটাই৷
উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৩০ এপ্ৰিলৰ ভিতৰত মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হ’ব লাগিব বুলি নিৰ্দেশ দিছিল৷ ৩০ এপ্ৰিলৰ পূৰ্বে ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি মথাউৰি নিৰ্মাণত হোৱা খৰচৰ তথ্য দাঙি ধৰাৰা লগতে ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ ২৫টা মথাউৰিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে৷ জলসম্পদমন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত ১ টা মাথাউৰি এৰি সকলো মথাউৰি নিৰ্মাণ সমাপ্ত হ’ব বুলি কৈছিল৷
কিন্তু ৰাজ্যত আজিও এচপৰা মাটি নপৰা উন্মুক্ত মথাউৰি বহু আছে৷ মন্ত্ৰীৰ দাবীক হয়তো এৰপ্ৰকাৰ নস্যাৎ কৰি ৰাজ্যখনৰ মথাউৰিৰ অৱস্থা যে একেবাৰেই তথৈবচ তাকেই প্ৰমাণ কৰিব পৰাকৈ বহু মথাউৰি আজিও উন্মুক্ত হৈ আছে৷ বৰমূৰীয়াই মথাউৰি নিৰ্মাণৰ বাবে আঁচনি ৰূপায়ণ কৰে যদিও ফাইলতে থাকি যায় মথাউৰি নিৰ্মাণৰ নমুনা৷ বাৰিষা আহিলেই ভঙা মথাউৰিৰ পাৰত কৃষক ৰাইজে প্ৰলয়ৰ আশংকাত দিন পাৰ কৰে৷