শীত-তাপ নিয়ন্ত্ৰিত কোঠাত মন্ত্ৰীৰ ঘোষণা, দিখৌমুখবাসীৰ যন্ত্ৰণা, মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হ’ল নে?

আমগুৰিঃ বাৰিষাৰ বানৰ কালৰ নৈ পৰীয়াৰ বকুৰ যন্ত্ৰণাৰ কথা উপলব্ধি কৰিয়েই হয়তো ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আগন্তক বাৰিষাত আৰু কোনো নৈৰ পাৰ নাভাঙে৷ কোনো মানুহেই বাৰিষা হেৰুৱাবলগীয়া নহয় আপোন ঘৰখন৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব মথাউৰি নিৰ্মাণ৷ 

৩০ এপ্ৰিল পাৰ হৈ মে’ মাহ আৰম্ভ হ’ল৷ ২৫ এপ্ৰিলত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি মথাউৰি নিৰ্মাণত হোৱা খৰচৰ তথ্য দাখিল কৰে৷ অহা ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ ২৫টা মথাউৰিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি জলসম্পদমন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত ২৫টা মথাউৰি নিৰ্মাণত হোৱা ব্যয়ৰ পৰিমাণ ৯০ কোটি ৫৩ লাখ টকা বুলি জানিবলৈ দিয়ে৷ মন্ত্ৰীৰ মতে তাৰ মানে ৫ দিনৰ ভিতৰত ১ টা মাথাউৰি এৰি সকলো মথাউৰি নিৰ্মাণ সমাপ্ত হ’ব৷ 

কিন্তু গুৱাহাটীত শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৰা ঘোষণা আৰু জকাইচুকত হোৱা কামৰ খতিয়ানৰ মাজত আকাশ-পাতাল প্ৰাৰ্থক্য থাকে সেয়া সকলোৱে জানে৷ মন্ত্ৰীয়ে কৰা ঘোষণা অনুযায়ী ৰাজ্যত সকলো মথাউৰি নিৰ্মাণ সম্পূৰ্ণ৷ কিন্তু দেখা যায় যে ৰাজ্যত বহু মথাউৰি আজিও উন্মুক্ত হৈ আছে৷ ৰাজ্যত আজিও এচপৰা মাটি নপৰা উন্মুক্ত মথাউৰি বহু আজিও আছে৷ মন্ত্ৰীৰ দাবীক হয়তো একপ্ৰকাৰ নস্যাৎ কৰি ৰাজ্যখনৰ মথাউৰিৰ অৱস্থা যে একেবাৰেই তথৈবচ তাকেই প্ৰমাণ কৰিব পৰাকৈ বহু মথাউৰি আজিও উন্মুক্ত হৈ আছে৷  

উজনিৰ শিৱসাগৰ জিলাৰ বানবিধ্বস্ত আমগুৰিৰ দিখৌমুখৰ ৰিংবান্ধৰ নিৰ্মাণৰ কাম আজিও সমাপ্ত নহল। সময়সীমা উকলি যোৱাৰ পাছতো বান্ধ নিৰ্মাণ নোহোৱাত গভীৰ সংকটত পৰিছে নৈপৰীয়া। ৩০ এপ্ৰিলৰ পূৰ্বেই ৰাজ্যৰ সকলোবোৰ মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ঘোষণাক অসাৰ প্ৰতিপন্ন কৰে আমগুৰি সমষ্টিৰ দিখৌমুখৰ ৰিঙবান্ধে। যাৰ ফলত পুনৰ বাৰিষাৰ বানৰ কৱলত পৰিব বুলি দিখৌমুখৰ জকাইচুক মৌজাৰ কেইবাখনো গাঁৱৰ লোকে শংকিত হৈ পৰিছে। 

১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ জলসম্পদ মন্ত্ৰীৰ হিচাপত নপৰা তেলীয়াডোঙা-ৰূপহীমুখ সংযোগী এই ৰিং বান্ধটো নিৰ্মাণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। ২০১২ চনৰ পৰা ধাৰাবাহিকভাৱে বানৰ কৱলত পৰা দিখৌমুখ অঞ্চলৰ ৰিং বান্ধটোৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল। মথাউৰিটোৰ ৩৫ৰ পৰা ৪০ ঠাইতে আছে ছিগা অংশ। যাৰ ফলত ৰূপহীমুখ, তেলীয়াডোঙা, মিচিং গাঁও, জপঙকে ধৰি দিখৌমুখৰ পৰা জাঁজীমুখ পৰ্যন্ত ৭ খনকৈ নৈপৰীয়া গাঁৱৰ ৰাইজ এতিয়া গভীৰ সংকটত। 

ইমানে নহয় বানবিধস্ত অঞ্চলটোত নাই কোনো যাতায়তৰ কোনো সুব্যৱস্থা৷ বিপদৰ সময়ত এখন টুলুঙা নাৱেই একমাত্ৰ ভৰসা ৰাইজৰ। জলসম্পদ বিভাগৰ লগতে স্থানীয় বিধায়কগৰাকীৰো অকৰ্মণ্যতাৰ বাবেই এতিয়া বাৰিষাৰ পূৰ্বে ভয় আৰু শংকাত দিন পাৰ কৰিছে ৭খনকৈ গাঁৱৰ ৰাইজে। উল্লেখযোগ্য যে, নদীদ্বীপ মাজুলীৰে সংযোগ কৰা অঞ্চলটোৰ দিখৌমুখ মামল চিকাৰী আৰু দিখৌমুখ ফুলনি পাৰঘাটো এতিয়া খহনীয়াৰ কৱলত পৰিছে। কোনটো মুহূৰ্তত ঐতিসাহিক পাৰঘাটটো বৰনৈৰ বুকুত জাহ যায় তাৰ থিক নাই৷