ৰমজানত তেজৰ ফাকুহে প্ৰিয় আইছিছৰ

ডিজিটেল ডেস্কঃ পৱিত্ৰ ৰমজান মাহতো শান্তি নিবিচাৰে নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছে। সেয়ে তেজৰ ফাকু খেলাৰ বাবে প্ৰস্তুতি চলাইছে সংগঠনটোৱে। কেইদিনমানৰ ভিতৰতে পুনৰ ভয়াবহ আক্ৰমণৰ ভাবুকি দিছে এই আইছিছে৷

পশ্চিমীয়া দেশসমুহক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰিব উগ্ৰপন্থী সংগঠনটোৱে৷ ইউটিউবত এক ভিডিঅ’ৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰিছে আইছিছে৷ পবিত্ৰ ৰমজান মাহৰ মাজতেই কূটাঘাত সংঘটিত কৰিব বুলি উক্ত ভিডিঅ’ত উল্লেখ কৰিছে সংগঠনটোৱে৷

সংগঠনটোৰ অফিচিয়েল চেনেলতো এই ভিডিঅ’ সম্প্ৰচাৰ হৈছে৷ উল্লেখযোগ্য যে বিগত সপ্তাহতে ইংলেণ্ডৰ মানচেষ্টাৰত ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছিল কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে৷