হিন্দু বাংলাদেশীৰ নামত ৫ বছৰ, জনজাতিকৰণ, বানপানী-গৰাখহনীয়াৰ চৰ্চা কেতিয়া

newsnextone.com | গুৱাহাটীঃ বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিলে নে৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা বাংলাদেশীয়ে টােপোলা লৈ অসমৰ এৰিব লাগিব বুলি কৈছিল৷ অসমৰ উন্নয়নৰ মাপকাঠি তৈয়াৰ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছিল৷ মাজুলীক সুৰক্ষিত কৰা, ৰাস্তা-ঘাটৰ উন্নয়ন কৰা, নতুন উদ্যোগনীতি গ্ৰহণ কৰা, বানপানী-গৰাখহনীয়া ৰোধ কৰা, দৰিদ্ৰৰ ছাত্ৰ-ছাত্ৰীক ভাল শিক্ষা দিয়া, উপযুক্ত শিক্ষানুষ্ঠান, চিকিৎসালয় গঢ় দিয়াকে ধৰি মানুহৰ কল্যাণ সাধন কৰাৰ কথা আছিল৷

বিজেপি দলটোৱে নিৰ্বাচনৰ সময়ত সকলোতকৈ বেছি জোৰ দিয়া বিষয়টো আছিল বিদেশী বহিস্কাৰ কৰা বিষয়টো৷ অসমক বিদেশী মুক্ত কৰাৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ কৈছিল৷ কিন্তু শেহতীয়াকৈ দেখা গৈছে বিজেপিয়ে পাভলুটি মাৰি বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কৰিব বিচাৰে৷ কিন্তু চৰকাৰ খনে নিৰ্বাচনৰ সময়ত নোকোৱা কথা এটাক লৈ ৰৌজাল-বৌজাল কৰি আছে৷ 

প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কে হিন্দু বাংলাদেশী অসমলৈ আনি সংস্থাপন কৰাৰ সপক্ষে কথা কৈ আহিছে৷ এতিয়া প্ৰশ্ন হৈছে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ চৰকাৰে পাহৰিলে কিয়? যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰাৰ বাবে চেষ্টা কৰিব লাগিছিল চৰকাৰ খনে৷ তেনে নকৰি এটি ভিত্তিহীন কথাৰ পিছত পৰি সমগ্ৰ ইচ্ছ্যু নাইকীয়া কৰিব বিচৰা হৈছে নেকি৷ অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বিষয়টো কিয় তল পৰিল৷ গৰা খহনীয়া ৰোধ কৰাৰ বিষয়টোক চৰকাৰে গুৰুত্ব সহকাৰে নলয় কিয়৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব কেতিয়া৷ যুৱক-যুৱতীৰ সংস্থাপন, উচ্চ শিক্ষাৰ বাবে পৰিৱেশ গঢ় দিব কেতিয়া?

কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা ফালৰি কাটি আহি চৰকাৰে অসমীয়া জাতিৰ অস্বিত্বক সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচাৰে৷ যাৰ ফলত ৰাইজে উত্তেজিত হৈ পৰিছে৷ প্ৰতিদিনে আন্দোলন কৰাৰ ফলত প্ৰকৃত বিষয় বোৰ হেৰাই গৈছে৷ প্ৰকৃততে চৰকাৰৰ এয়া পলিচী নেকি৷ ৰাইজক উত্তেজিত কৰি প্ৰধান বিষয়বোৰ তল পেলাই থৈ লোকসভাৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ৷ যোৱা দুটা বছৰে গণ আন্দোলন অব্যাহত আছে অসমত৷ একাংশ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আন একাংশ সংগঠনে চৰকাৰৰ সৈতে গোপনে হিন্দু বাংলাদেশী সংস্থাপনৰ সপক্ষে কাম কৰি থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ 

গ্ৰাম্য এলেকাৰ ৰাস্তা-ঘাট নিৰ্মাণ কৰা, কৃষকক খেতি পথাৰত পানী দিয়া, সাৰ, বীজ দিয়া৷ প্ৰতিগৰাকী অসমৰ জনগণৰ বাবে চিকিৎসালয়, চিকিৎকৰ ব্যৱস্থা কৰা, গঁড় হত্যা ৰোধ কৰা, বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, তৈল খাদ নিলাম ৰোধ কৰা, বাংলাদেশক ভূমি এৰি নিদিয়া, বাৰে বাৰে অসমীয়াৰ বিৰুদ্ধে গৈ একাংশ লোকে খোদ অসমতে থলুৱাৰ ওপৰত কৰা আক্ৰমণ ৰোধ কৰা, হিন্দু বাংলাদেশী বহিস্কাৰ, ব্ৰহ্মপুত্ৰ খনন, ধৰ্ষণ কাণ্ড ৰোধ, বান পানীক ৰাষ্ট্ৰীয় সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, গৰাখহনীয়া ৰোধ কৰা, নৈ পাৰত তম্বুৰ তলত বাস কৰি থকা অসমীয়াক একঠা মাটি দিয়া, মাজুলীক সুৰক্ষিত কৰা, ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মাচৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, চাহপাতৰ নিলাম কেন্দ্ৰ অসমলৈ অনা, দ্বি-নাগৰিকত্বৰ ব্যৱস্থা কৰা, ৰাজ্যৰ কেইবাটাও বন্ধ হোৱা ৰাজহুৱা উদ্যোগ পুনৰ কাৰ্যক্ষম কৰা আৰু তাত কাম কৰি লোকৰ দৰমহা আদায় দিয়াৰ বাবে চৰকাৰে খনে প্ৰতিদিনে চৰ্চা কৰিব লাগিছিল৷

আনহাতে ৰাজ্য খনৰ একাংশ সংগঠনে এই বিষয় সমূহক লৈ যেনেদৰে সৰৱ হ’ব লাগিছিল তেনেদৰে সৰৱ হোৱা দেখা নগ’ল৷ চৰকাৰৰ সুৰত সুৰ মিলাই একাংশ সংগঠনে কাম কৰা পৰিলক্ষিত হয়৷ ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰে যে এইখন চৰকাৰ নতুবা চৰকাৰ চলাই থকা দলটোৰ প্ৰতি একাংশ সংগঠনৰ দুৰ্বলতা আছে৷ ভিতৰি আপোচ কৰাৰ সন্দেহৰ থল আছে। মৰি মৰি জীয়াই থকা জাতিটোৱে নানান সমস্যাৰ কথাবোৰ দাঙি নধৰি সমস্যা নাই বুলি প্ৰতিপন্ন কৰিব খোজা হৈছে নেকি৷

কোৱা বাহুল্য বিগত ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত একাংশ সংগঠনে প্ৰতিটো ঘটনা-পৰিঘটনাক লৈ ৰাজ পথলৈ ওলাই আহিছিল৷ কাজিৰঙাত গঁড় নিধনৰ পৰা ৰাজ্যৰ গাঁৱৰ পথটো মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ এতিয়া সময়বোৰ সলনি হোৱাৰ ইংগিত সময়ে খোদ দিছে৷ 

আনহাতে চৰকাৰে উৎসৱৰ পতাৰ নামত ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰি আহিছে৷ ৰাজ্য চৰকাৰে নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ, বৰাক উৎসৱ, শিৱ উৎসৱ, এডাভাণ্টেজ অসম অনুষ্ঠিত কৰি অতিথিক আদৰাৰ নামত কোটি কোটি টকা খৰছ কৰে৷ চৰকাৰে ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰি এনে উৎসৱ পালন কৰিলেও ৰাইজৰ এনে উৎসৱৰ জৰিয়তে কি লাভ হৈছে সেয়া বিচাৰ কৰাৰ সময়?