ইটাখোলাত ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু দিৱস পালন

ইটাখোলাঃ চতিয়া বিধান সভা সমষ্টিৰ ঐতিহ্যমণ্ডিত জামুগুৰি'ৰ বাপুজী ভৱনত দেওবাৰে সাংস্কৃতিক অনুষ্ঠান সুদৰ্শন সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন কৰা হয়। পুৱা ৮ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ হোৱা কাৰ্যসূচীত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়।

আলোচনা চক্ৰ আৰু বঁ‌টা বিতৰনী অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰত্ন কিংকৰ গোস্বামী। অানহাতে সাংস্কৃতিবান ঠাই হিচাপে পৰিচিত ইটাখোলাৰ দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জনমতৰ উদ্যোগত পুৱা ৯ বজাৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানৰ শুভাৰম্ভ কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ চাহাবুদিন অাহমেদে৷ বিয়লি ৪ বজাত অঞ্চলটিৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বঁ‌টা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় আৰু দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ ৰাজবংশীয়ে বন্তি প্ৰজ্বলন কৰা হয়৷