পথ মেৰামতিৰ দাবীত ইটাখোলাত আছুৰ উত্তাল প্ৰতিবাদ

ইটাখোলাঃ বৃহস্পতিবাৰে পথ মেৰামতিৰ দাবীত শোণিপুৰৰ ইটাখোলাত আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইটাখোলা শাখা ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ ইটাখোলা শাখা সমিতিয়ে ইটাখোাল-চিজোচা পথ অৱৰোধ কৰি পথটো মেৰামতি কৰাৰ দাবী জনায়।

মেৰামতিৰ অভাৱত জহি-খহি যোৱা পথটো শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনাই সংগঠনন দুটাই। চিজোচা সংযোগী পথ শীঘ্ৰে নিৰ্মাণ কৰাৰ লগতে দিকৰাই নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ দাবী জনায়। সংগঠন দুটাৰ নেতা-কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আনহাতে সংগঠন দুটাই মঙলবৰীয়া, দেলাইচিৰি, পাঁচমূখ, খেৰবাৰী আদি স্থানত অবৈধ খনন চলােৱাৰ অভিযোগ উত্থাপন কৰি খনন বন্ধ কৰাৰ দাবী জনায়। বনবিভাগে ধণৰ বিনিময়ত খনন কৰিব দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদস্থলীত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ উপস্থিত থাকে।