
বালিপৰাঃ এইবাৰ হাতীয়ে হত্যা কৰিলে আইটিবিপিৰ জোৱানক৷ ৰাজ্যত প্ৰতিদিনে সাধাৰণ লোকৰ মৃত্যু হৈ আহিছে যদিও এইবাৰ হাতীৰ আক্ৰমণত নিহত হ’ল খোদ ৰাইজৰ সুৰক্ষাত নিয়োজিত জোৱান৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাত চন্দন দাস নামৰ যুৱকএজনক হাতীয়ে আক্ৰমণ কৰি হত্যা কৰাৰ ৩০ ঘন্টা পাৰ নৌহওঁতেই পুনৰ এগৰাকী জোৱানৰ প্ৰাণ লয় বনৰীয়া হাতীয়ে৷
শোণিতপুৰ জিলাত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী আইটিবিপিৰ জোৱানৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ভালুকপুঙত নিজ কেম্পত তিনিগৰাকী জোৱানে নিশা পহৰাৰ দায়িত্বত আছিল৷ তেনে সময়তে এটি হাতীৰ জাক সামাই আহে পহৰা দিয়া ঠাইলে৷
দুগৰাকী জোৱানে পলাই লাৰে যদিও এগৰাকী জোৱানক আক্ৰমণ কৰে জাকটোৱে৷ জাকৰ পৰা এটা প্ৰকাণ্ড হাতীয়ে ফালৰি কাটি আহি জোৱানজনক আক্ৰমণ কৰে৷ ফলত নিহত হয় জোৱানজন৷ জোৱান জনৰ নাম পৱন কুমাৰ (৪৭) বুলি জানিব পৰা গৈছ৷ ৰাজ্যত এতিয়া সুৰক্ষা কৰ্মীয়ে যেতিয়া হাতীৰ পৰা সুৰক্ষিত নহয় তেন্তে সাঝাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা কোনে দিব তাক লৈ চৰ্চা আৰম্ভ হৈছে৷