বিধ্বস্ত পথেৰে আহি কাৰ্বি পাহাৰৰ সমস্যাৰ বুজ ল'লে ৰাজ্যপাল জগদীশ মুখীয়ে

ৰাজ্যপালৰ পৰিদৰ্শনে কিমান প্ৰভাৱ পেলাব পশ্চিম কাৰ্বি আংলঙৰ পৰিৱৰ্তনত ?

newsnextone.com ।। খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ হামৰেন চহৰত দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে আহি উপস্থিত হ'ল ৰাজ্যপাল জগদীশ মুখী। উত্তৰ-পূৱ পৰিষদৰ অধীনত অতি শোচনীয় অৱস্থাত থকা বৈঠালাংছ’-হামৰেণ পথেৰে আহি বুধবাৰে এনেদৰে ৰাজ্যপালগৰাকী উপস্থিত হয় কাৰ্বি পাহাৰৰ হামৰেণস্থিত আৱৰ্ত ভৱনত ৷

উল্লেখ্য যে অতি কষ্টৰে, চৰকাৰী বাহনেৰে গুৱাহাটীৰ পৰা হামৰেণত উপস্থিত হোৱা ৰাজ্যপালগৰাকীক বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সভাপতি অৰুণ টেৰাং, কাৰ্যবাহী সদস্য ক্ৰমে ৰূপছিং টেৰণ, মাধুৰ্য্য ঢেকীয়ালফুকণ, খনছিং ৰংপি, ৰতন টেৰণ, ৰাজু তিচ্ছ, প্রদীপ দিপুচা আৰু পৰিষদীয় সদস্য ক্ৰমে ৰিণা তেৰাংপি, প্ৰভাত টাৰ, পৱন কুমাৰ, দৰছিং ৰংহাং, ৰিচাৰ্ড টকবি, পবিত্ৰ ৰংপিয়ে উষ্ম আদৰণি জনায় মহামান্য ৰাজ্যপাল জগদীশ মুখীক।

ইয়াৰ উপৰিও আয়োজিত অনুষ্ঠানত পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা, আৰক্ষী প্ৰশাসনৰ প্ৰশাসনীয় বিষয়ববীয়াৰ লগতে বিভিন্ন বিভাগৰ উচ্চস্তৰীয় বিষয়ববীয়াসকল উপস্থিত থাকে৷ সকলো কাৰ্যসূচী ঠিকেই কৰি গৈছে কিন্তু প্ৰশ্ন হ'ল ইয়াৰ পুৰ্বেও হামৰেনত ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত আহি উপস্থিত হৈছিল আৰু আকৌ এইবাৰ ৰাজ্যপাল জগদীশ মুখী আহি উপস্থিত হৈছেহি, মুঠতে হামৰেনত ইগৰাকীৰ পিছত সিগৰাকী ৰাজ্যপাল আহিছে কিন্তু কিমান পৰিৱৰ্তন আনিছে পাহাৰীয়া জিলাখনত ৰাজ্যপালৰ ভ্ৰমণে তথা পৰিদৰ্শনে, সেয়া এক জটিল,ডাঙৰ আৰু কৌতুহলৰ প্ৰশ্নৰ উদ্বেগ হৈছে জনতাৰ  মনত ? আৰু এনে প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে হয়তো ৰাজনৈতিক দল-সংগঠন, ছাত্ৰ সংগঠন, চৰকাৰী বিভাগৰ বিষয়ববীয়াই মতবিনিময় কৰিছে ৰাজ্যপাল গৰাকীৰ সৈতে।

এফালে যদি ৰাজ্যপালগৰাকীয়ে পাহাৰীয়া জিলাখনৰ সমস্যাৰ বুজ লৈছে আনফালে আকৌ ৰাজনৈতিক দল-সংগঠন, ছাত্ৰ সংগঠন, চৰকাৰী বিভাগৰ বিষয়ববীয়াই সমস্যা সমাধানৰ দাবী তুলিছে। ইয়াৰ মাজতেই কাৰ্বি ছাত্ৰ সন্থাই জিলাখনৰ পথ-যাতায়ত সমস্যা, বিদ্যুৎ সমস্যা আৰু অবৈধ বেদখল সন্দৰ্ভত ৰাজ্যপালগৰাকীক অৱগত কৰে আৰু উল্লেখিত সমস্যা সমাধানৰ দাবী কৰে।

আনহাতে সাংবাদিকৰ সৈতে হোৱা বৈঠকত ৰাজ্যপালগৰাকীক সাংবাদিকে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ অতি কৌশলগতভাৱে দিয়াৰ বিপৰীতে তেওঁ সংবাদ মাধ্যমযোগে সমগ্ৰ অসমবাসীৰ লগতে কাৰ্বি আংলংবাসীক আহ্বান জনায় যে মননশীল চিন্তাৰে নিজৰ চিন্তা সলনি কৰি ভাৰত চৰকাৰে অসমৰ বাবে দিয়া আচঁনিসমূহ ১০০ শতাংশই ৰূপায়িত কৰি সামগ্ৰিক উন্নয়ন আৰু বিকাশত বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰিব লাগে বুলি কয়।

লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক অধিক গুৰুত্ব দি আহিছে, গতিকে অসমৰ বিকাশ মানেই হৈছে কাৰ্বি আংলঙৰ বিকাশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন-বিকাশ, প্রগতি মানেই হৈছে দেশৰ বিকাশ। আনহাতে বৰ্তমানৰ ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন-বিকাশ আৰু প্রগতিৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে বুলিও মত পোষণ কৰে ৰাজ্যপাল গৰাকীয়ে।