জাগীৰোডত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

জাগীৰোডঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উত্তপ্ত হৈ থকা প্ৰতিবাদকাৰীয়ে বৰ্তমানেও হাৰ মানিবলৈ বাধ্য হোৱা নায়৷ ইফালে, বৃহস্পতিবাৰে কিছু লোকে অসম বন্ধ দিয়াত জাগীৰোডতো ইয়াৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায়৷

এনে পৰিস্থিতিৰ মাজতেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে৷ সেয়ে বৃহস্পতিবাৰে সদৌ তিৱা ছাত্ৰ-সন্থাই প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহে৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে৷