জাগীৰোডত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

newsnextone ৯অক্টোবৰ জাগীৰোডঃ জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে থকা চৰকাৰী ভূমিত আজি মৰিগাঁও জিলা প্ৰশাসনে   উচ্ছেদ অভিযান চলায়। জাগীৰোডৰ শিলভঙাত  ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে  দীৰ্ঘদিন ধৰি সন্দেহযুক্ত নাগৰিকে অবৈধ ভাবে বেদখল কৰি আহিছিল। উচ্ছেদৰ সময়ত  মৰিগাঁও জিলা প্ৰশাসনে শিলভঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে চৰকাৰী ভূমিত থকা কেইবাটাও অবৈধ বাসগৃহ  ভাঙি উচ্ছেদ কৰে । 

উল্লেখযোগ্য যে বিগত সময়চোৱাত জাগীৰোডৰ শিলভঙা অঞ্চলত চোৰ-ডকাইতকে আদি কৰি অসামাজিক কাৰ্য্যকলাপে গা কৰি উঠিছিল । স্থানীয় লোকসকলৰ মতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে থকা সন্দেহযুক্ত নাগৰিক সকলে বিগত সময়ত অঞ্চলটোত অসামাজিক কাৰ্য্যকলাপত জড়িত আছিল ।