সোনাইপৰীয়া শাখা কবি সন্মিলনৰ সভা

জাজৰিঃ নগাঁও জিলাৰ জাজৰিত অসম কবি সন্মিলনৰ এখন বিশেষ সভা দেওবাৰে অনুষ্ঠিত হৈ যায়৷ অসম কবি সন্মিলনৰ সোনাইপৰীয়া শাখাৰ চমুৱাগাঁও স্থিত কাৰ্যালয়ত দীপজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিৰ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰীয়ে।

সভাত উপদেষ্টা কেশৱ বৰা, তপন বৰা, অনিল চন্দ্ৰ নাথ, ৰাহুল দেৱ বৰদলৈ, নাট্যকাৰ ধ্ৰুৱজ্যোতি বৰা, সাংবাদিক জয়ন্ত মুদৈ আদি উপস্থিতি থাকে৷ প্ৰতিমাহৰ ২য়টো শনিবাৰে বিয়লি ২ বজাত এখন কাব্যচৰ্চ্চা আৰু অন্তৰংগ অনুষ্ঠাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই।