জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ শৈক্ষিক সভা

জাজৰিঃ নগাঁও জিলাৰ জাজৰিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে বিশেষ শৈক্ষিক সভা অনুষ্ঠিত হৈ যায়৷ বৃটিছ আমোলতে স্থাপন হোৱা নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ মঙলবালে বিশেষ সভা তথা নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়৷

বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে৷ বাধাৰ প্ৰাচীৰ ভাঙি উত্তৰ প্ৰজন্মই দেশ আৰু জাতি ৰক্ষা কৰিব লাগিব। তাৰ বাবে লাগিব গুণগত শিক্ষাৰ উত্তৰণ।

অব্যৰ্থ শক্তিৰগৰাকী শিক্ষাৰ্থী সকলে সকলো বাধাৰ প্ৰাচীৰ ভাঙি শৈক্ষিক উত্তৰণ ঘটাব লাগিব বুলি কয় ৰাহুলে। সভাত বিদ্যালয় খনৰ অধ্যক্ষ হিতেশ চন্দ্ৰ ডেকা, শিক্ষয়িত্রী অঞ্জলি ফুকন, হিমাদ্ৰি বৰা, পৰমানন্দ ডেকাই বক্তব্য ৰাখে। সভাৰ পিছত বাৰেৰহনীয়া এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।