
নামতিঃ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী নৈৰ দলঙৰ তলতে ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে। যি কোনো মুহূৰ্ততে বিছিন্ন হ’ব পাৰে উজনি আৰু নামনিৰ মাজত স্থল পথৰ যোগাযোগ ব্যৱস্থা। শিৱসাগৰ আৰু যোৰহাট জিলাক বিভক্ত কৰা জাঁজী নদীৰ ওপৰত থকা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলংখনৰ তলত সৃষ্টি হৈছে ভয়াৱহ খহনীয়া।
যোৱা কেইবাটাও দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নগাপাহাৰৰ পৰা বৈ অহা জাঁজী নদীৰ জলস্তৰ যোৱা দুটা দিনত অধিক বৃদ্ধি পাইছিল। দেওবাৰে এই জলপৃষ্ঠ কিছু হ্ৰাস পাইছিল যদিও বিয়লিৰ ভাগত জাঁজী দলঙৰ পূৱ দিশত প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ এক বৃহৎ ফাট মেলে।
লক্ষ্যনীয় যে, এই ফাটটোৰ পৰা দলঙৰ পূৱ দিশৰ একমাত্ৰ পকী খুটাটোলৈ দুৰত্ব মাত্ৰ ৩ মিটাৰ। এই পৰিপ্ৰেক্ষিতত যি কোনো মুহূর্তত এই দলংখনৰ পূৱ অংশটো খহনীয়াই সামৰি লোৱাৰ আশংকা আহি পৰিছে। ইয়াৰ লগে লগে উজনি-নামনিৰ স্থলপথৰ যোগাযোগ বিঘ্নিত হোৱাৰো আশংকাই দেখা দিছে।
ইফালে এই গৰাখহনীয়াই জাঁজী নৈপৰীয়া কেইবাটাও পৰিয়াললৈও সন্ত্ৰাস কঢ়িয়াই আনিছে।