সুধাকণ্ঠক স্মৰণ, ৰাইদঙীয়াৰ ৰাইজৰ বৰঙণিৰে স্থাপন হ’ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি

জাজৰিঃ ৰাজ্যৰ ভিন্ন প্ৰন্তৰ লগতে দেওবাৰে জাজৰি-ৰাইদঙীয়াত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিক মৃত্যু তিথি পালন কৰা হয়। জাজৰি-ৰাইদঙীয়াৰ বিভিন্ন স্থানত গভীৰ ভাৱে স্মৰণ কৰে  শিল্পীগৰাকীক। ৰাইদঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱন প্ৰাংগনত ৰাইদঙীয়াৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আড্ডা আৰু সংগীত কাননৰ উদ্যোগত ৰাইদঙীয়াবাসী ৰাইজৰ দান বৰঙনীৰে হাজৰিকাৰ এটি পূৰ্নাংগ প্ৰতিমূৰ্তি নিৰ্মানৰ আধাৰশিলা কৰে।

আধাৰশিলা স্থাপন কৰে ৰাইদঙীয়া অঞ্চলৰ শংকৰী সংস্কৃতিৰ সাধক সতাই চুতিয়াই। তাৰ পিছতেই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু প্ৰতিমূৰ্তি নিৰ্মান সমিতিৰ সভাপতি নৱ কমল ৰাজাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা। সভাত সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি ধীৰসিং পাটৰ, সম্পাদক নাৰায়ন দাস, সমাজকৰ্মী বোধেন বৰা, সাংবাদিক জয়ন্ত মুদৈ উপস্থিত থাকে। কবিন পাটৰে আঁত ধৰা অনুষ্ঠানত সাংবাদিক ৰাহুল দেৱ বৰদলৈ আৰু দীপজ্যোতি বৰাই সুধাকণ্ঠৰ চিৰযুগমীয়া

গীত পৰিবেশনেৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আনহাতে, কৰচুং সত্রৰ নৱ জাগৰন গোষ্ঠীৰ উদ্যোগতো আজি ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথি দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে বৃক্ষ ৰোপন, ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দক্ষিণ জাজৰিৰ ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত পুৱাৰে পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। কৃষ্ণ গোপাল গ্ৰাম্য সংগঠনৰ সদস্যা সকলে সুধাকণ্ঠক স্মৰণ কৰাৰ লগতে কেইবাটাও কালজয়ী গীত পৰিবেশন কৰে।