
জাজৰিঃ নগাঁও জিলাৰ জাজৰিত মঙলবাৰে শিশু দিৱস উদযাপন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটো জাজৰি অঞ্চলৰ শিক্ষানুষ্ঠান সমূহত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা দেখা যায়। মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়, শংকৰ আজান জাতীয় বিদ্যালয়, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঘন স্মৃতি বালিকা বিদ্যালয়কে ধৰি অঞ্চলটোৰ শিক্ষানুষ্ঠান সমূহত উলহ-মালহেৰে শিশু দিৱস উদযাপন কৰে।
মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত পুৱা ৯ বজাত ছাত্ৰ-ছাত্ৰী, শিক্ষকে শুভাযাত্রা উলিয়াই, তাৰ পাছতে বিদ্যালয় প্ৰাংগনত সম্বৰ্ধনা অনুষ্ঠান-সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্র-ছাত্রী প্ৰিয়দৰ্শিকা বৰা, প্ৰাৰ্থপ্ৰতিম শইকীয়া, গৌৰৱ বৰুৱা, শিৱানী বৰা, ৰশ্মি শৰ্মা বৰৱাই গীত-নৃত্য, ৰাসনৃত্য, মুকাভিনয় আদিৰে সকলোকে মূহিত কৰে। শংকৰ-আজান জাতীয় বিদ্যালয়টো বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ মাজত খেলা-ধুলা আৰু এখন সভাও অনুষ্ঠিত হয়। সভাত প্ৰথম শ্ৰেণীৰ ছাত্রী স্বাগতা কুমাৰীয়ে শিশু দিৱসৰ ওপৰত ভাষন ৰাখি সকলোকে আপ্লুত কৰে।