বাক্সাত বন্যহস্তীৰ তাণ্ডব... কথমপি প্ৰাণৰক্ষা আঠটাকৈ পৰিয়ালৰ

জালাহঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰাত গঞা ৰাইজ আতংকিত হৈ পৰিছে।

বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত জিলাখনৰ বাটাবাৰী বনাঞ্চলৰপৰা নামি অহা অৰ্ধশতাধিক হাতীৰ এটা জাকে জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত টেকেলীভাঙাৰ দ'ল সিং ৰাজগোড়ৰ চৌহদত প্ৰথমে প্ৰৱেশ কৰি আটাইকেইটা বাস গৃহ ভাঙি পেলায়। পাছত হাতীৰ জাকটোৱে গাঁওখনৰ আঠটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায়। পৰিয়ালকেইটাৰ সদস্যসকলে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে হাতীৰ জাকটো খেদি পঠোৱাৰ বাবে বন বিভাগে উদ্যোগ লৈছে যদিও স্থানীয় ৰাইজৰ মাজত শংকা দূৰ হোৱা নাই।