
শোণিতপুৰঃ মঙলবাৰে নিশা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰাজ পথত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈ দুজন চালকৰ কৰুণ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত৷ জানিব পৰা মতে নিশা ৰাজ পথত এখন টেংকাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ লাগে৷ যাৰ ফলত দুয়ো খন গাড়ীৰে সন্মুখ ভাগৰ যঠেষ্ট ক্ষতি হয়৷
চালক দুগৰাকী ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সম্ভৱ হোৱা নাছিল৷ তাৰ কিছু সময় পিছতে এখন ট্ৰাকত অগ্নিকাণ্ড সংঘটিত হয়৷ যাৰ ফলত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় আৰু দুয়োগাৰকী চালকে কৰুণ মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, বাকোলাত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত তেলৰ টেংকাৰ আৰু চিমেন্টৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ লাগে নিশা।
গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ পৰা চিমেন্ট কঢ়িয়াই লখিমপুৰলৈ আহি আছিল AS-07-C-3581 নম্বৰৰ এখন ট্ৰাক। আনহাতে বিপৰীত দিশৰ পৰা তথা লখিমপুৰৰ আহি থকা AS-07-C-7961 নম্বৰৰ টেংকাৰ খনৰ মুখামুখি সংঘৰ্ষ লাগে।
কিছু সময় পিছতে অগ্নিকাণ্ড সংঘটিত হৈ দুয়োগৰাকী চালক জুইত জাহ যায়৷ ট্ৰাক খনৰ চালকগৰাকী মৰিগাও জিলাৰ চফিকুল আহমেদ বুলি জানিব পৰা গৈছে। হেণ্ডিমেন মোকলেছ আহমেদ কথমপি প্ৰাণ ৰক্ষা পৰে। আন এগৰাকী চালকক চিনাক্ত কৰিব পৰা হোৱা নাই।
অগ্নি নিৰ্ব্বাপক বাহিনীৰ তিনি খন গাড়ীয়ে চেষ্টা কৰি প্ৰায় তিনিঘন্টাৰ মূৰকত জুই নুমুৱাবলৈ সক্ষম হয়। ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ ঘন্টা সময় পথত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয়।