বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ প্ৰতিবাদ, বিটিএডিৰ মাটি দখল কৰিছে মুছলমান সম্প্ৰদায়ে

কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰত সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই৷ জনজাতিসকলৰ কেবাটাও দাবীৰ সমৰ্থনত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰে৷ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত কেবা শতাধিক পিকেটিংকাৰীয়ে অংশগ্ৰহন কৰাৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছমুথিয়াৰীয়ে অংশগ্ৰহণ কৰে।

জনজাতি বেষ্টনী আৰু আৱেষ্টনীত ভূমি বেদখল কৰা বেদখলকাৰীসকলক উচ্ছেদ কৰা, জনজাতিৰ সংৰক্ষিত ভূমি জনজাতিক ঘূৰাই দিয়া, অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন, ১৮৮৬ৰ সংশোধিত সংযোজন ১৯৪৭ৰ দশম অধ্যায়ৰ দফাসমুহ কাৰ্যকাৰী কৰা, টাকিমাৰি গাঁৱৰ পৰা মুছলমানসকলৰ আক্ৰমণ আৰু অত্যাচাৰত ঘৰ-বাৰী এৰি পলাই অহা ৩১টা বড়ো পৰিয়ালক পুনৰসংস্থাপন কৰা, চিৰাং জিলাৰ মজাবাৰী গাঁৱৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত কোকৰাঝাৰত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীৰ অন্তত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই নিজ দাবীৰ সমৰ্থনত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ইপিনে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে চৰকাৰৰ ভূমিকাক ক্ষোভ প্ৰকাশ কৰি জনজাতি বেষ্টনী আৰু আৱেষ্টনীৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী জনাইছে। বিটিএডি এলেকাত তিনি লাখৰো অধিক বিঘা মাটি বেদখলকাৰীৰ কবলত পৰিছে আৰু গৰিষ্ঠ সংখ্যক মাটি মুছলিম সম্প্ৰদায়ে বেদখল কৰি আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ দাবী জনোৱাৰ লগতে জনজাতিৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

আনহাতে প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীয়ে বিজেপি চৰকাৰে জনজাতিসকলক প্ৰৱঞ্চনা কৰি আছে বুলি মন্তব্য কৰিছে। এনআৰচিত বিদেশীৰ নাম অন্তৰ্ভূক্তিকৰণৰ প্ৰচেষ্টা কৰিলে সেয়া কোনোপধ্যেই মানি লোৱা নহ’ব বুলিও হুংকাৰ দিয়ে।