মেনাপাৰাৰ জনাৰ্দনে উৰা মাৰিব আয়াৰলেণ্ডলৈ

মঙলদৈঃ জকাইচুকৰ পৰা বিশ্ব জিনাৰ সপোন বুকুত বান্ধি কাইলৈ উৰা মাৰিব জনাৰ্দন৷ ৬ বছৰ বয়সৰ পৰাই বিশ্ব জিনাৰ সোপানেৰে সমৰ কলাৰ প্ৰশিক্ষণ লৈ থকা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ জনাৰ্দন কম বয়সতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে৷

আয়াৰলেণ্ডত অহা ১৪ আগষ্টৰ পৰা ২০ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া সমৰ কলাৰ (কাৰাটে) আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে মঙলদৈৰ মেনাপাৰাৰ জনাৰ্দন ডেকা। প্ৰতিযোগিতা খনত ১২ বছৰ অনুৰ্ধ্বৰ শাখাত উত্তৰ পুৰ্বাঞ্চলৰ পৰা জনাৰ্দনেই অংশ গ্ৰহন কৰাৰ সুযোগ লাভ কৰে।

তপন ডেকাৰ তত্বাৱধানত প্ৰশিক্ষন গ্ৰহন কৰি দেশৰ ভিন্ন স্থানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ পৰা পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে যোৱা মাৰ্চ মাহত সমৰ কলাৰ ব্লেক বেল্ট লাভ কৰে৷ অহা ১২ আগষ্টত গুৱাহাটীৰ পৰা আয়াৰলেণ্ডলৈ খেলুৱৈ গৰাকীয়ে উৰা মাৰিব আয়াৰলেণ্ডলৈ। দৰিদ্ৰ পৰিয়ালৰ কিশোৰ জনাৰ্দনে অৰ্থৰ অভাৱত পৰা বুলি জানিব পৰা গৈছে৷

আৰ্থিকভাৱে দুৰ্বল এই পৰিয়ালটোৱে গোটাৱ পৰা নাই প্ৰয়োজনীয় ধনৰাশি। তথাপিওঁ খেলৰ প্ৰতি থকা একাগ্ৰতাই সকলো সম্ভৱ কৰি তুলিছে জনাৰ্দনৰ বাবে। নৱ প্ৰজন্মৰ আদৰৰ খেল সমৰ কলাৰ খৈলুৱে সকলক ৰাজ্য চৰকাৰে সহায় সহযোগ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিশ্ব জিনি সুনাম কঢ়িয়াই অনাৰ হেঁপাহ পুহি ৰাখিছে জনাৰ্দনে। News next oneৰ পৰা জনাৰ্দন ডেকালৈ থাকিল বহু বহু শুভকামনা।