
গোলকগঞ্জঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো গণৰাজ্য দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ গণ ৰাজ্য দিৱস পালনৰ বাবে ধুবুৰী জিলাতো ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বুধবাৰে ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।
সভাত আৰক্ষী অধীক্ষক লংনিট টেৰাং, জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পূৰবী কোৱঁৰ, স্থানীয় বিশিষ্ট নাগৰিক, সীমান্ত সুৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷
২৬ জানুৱাৰীত ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, এন চি চি, স্কাউট-গাইড আদিৰ আকৰ্ষণীয় কুচকাৱাজ অনুষ্ঠিত কৰাৰ উপৰিওঁ লোক নৃত্য, চৰকাৰৰ বিভিন্ন বিভাগৰ লক্ষ্য-উদ্দেশ্য তথা বাৰ্তা প্ৰতিফলিত প্ৰতীক প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লয়৷
শ্ৰেষ্ঠ ছাত্র, শিক্ষক, জ্যেষ্ঠ নাগৰিক আৰু নাগৰিক পঞ্জীৰ শ্ৰেষ্ঠ কেন্দ্ৰ বিষয়াক পুৰস্কৃত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী পৰিচালনাৰ বাবে কেইবাটাও সমিতি গঠন কৰা হয়।