
তেজপুৰ টাউনঃ গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে ২৫ টা বৰ্ষত ভৰি দিলে৷ সোমবাৰে পুৱাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই পাতনি মেলে ৰাপলী জয়ন্তী উৎসৱৰ৷ ৰাজ্যৰ বিভিন্ন কৃষ্টি, সংস্কৃতি, পৰম্পৰা, নৃত্য গীতেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক আপ্লুত কৰে৷
তাৰ পিছতে বিদ্যালয় প্ৰাংগনত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ আনহাতে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত পৰিচালিত সমগ্ৰ অসমৰ জাতীয় বিদ্যালয়সমূহত ৰূপালী জয়ন্তী উদযাপন কৰাৰ লগতে তেজপুৰত নিকামূলতৰ শোণিতপুৰ জাতীয বিদ্যালয়তো সোমবাৰে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰা হয়৷ অসম জাতীয় বিদ্যালয়ৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভৰাম্ভ কৰে শোণিতপুৰ জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সঞ্চালক উপেন শৰ্মাই৷
শোণিতপুৰ জাতীয় বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ পবিত্ৰ কুমাৰ কলিতাই। বন্তি প্ৰজলন কৰে বিদ্যালয়ৰ উপাধ্যক্ষ সুমেন্দ্ৰ শইকীয়া আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুন্ধতী শইকীয়াই৷ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে অসম জাতীয় বিদ্যালয়ৰ সংগীত পৰিবেশন কৰে। দুই শতাধিক লোক উপস্থিত থকা অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে সত্ৰিয়া নৃত্য পৰিবেশন কৰে বিদ্যালয়ৰ ছাত্ৰী পাহি দত্তই। অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক হিৰণ্য মহন্তই৷