গৃহযুদ্ধক বাধা দিবলৈ ওলাই আহিছে ‘জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি’

www.newsnextone.com| গুৱাহাটীঃ বি জে পি চৰকাৰৰ পৃষ্ঠপোষকত এচাম হিন্দু বঙালী সংগঠনে নাগৰিকত্ব আইন সংশোধনৰ সমৰ্থনত অসমত "গৃহযুদ্ধ" সূচনা কৰিবৰ উদ্দেশ্যে অহা ১৭ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ যো জা কৰা 'হিন্দু বঙালী সমাৱেশ' যি কোনো মূল্যৰ বিনিময়ত বাধা দিবলৈ সাজু হৈছে" জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি"। 

এই কথা এক আজি এক সংবাদমেলৰ যোগে ৰাজহুৱা কৰে সমিতিৰ সভাপতি ৰফিউল হুছেইন বৰুৱাই। উক্ত দিনত সমিতিৰ ১৫০০ সদস্য আৰু সমৰ্থকে "খানাপাৰালৈ বলক" শীৰ্ষৰ কাৰ্যসূচী পালন কৰিব আৰু অসমীয়া জাতিক নিঃশেষ কৰিবলৈ ওলোৱা এই সমাৱেশ যিকোনো উপায়েৰে বিফল কৰিব বুলি সংকল্প লয় সমিতিৰ দলটোৱে৷