ধনশিৰিত চাৰ্ভিচ ৰাইফলেৰে জোৱানৰ আত্মহত্যা

ডিফুঃ এগৰাকী বেটালিয়ানে নিজৰ চাৰ্ভিছ ৰাইফলেৰে আত্মহত্যা কৰাৰ ঘটনাৰ চাঞ্চল্যৰ অব্যাহত আছে অসম-নাগালেণ্ডৰ সীমান্তৰ ধনশিৰিত৷ সীমান্ত পহৰা চকীত আত্মহত্যা কৰা বেটালিয়ানৰ নীলকান্ত বৰুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ডিব্ৰুগড় জিলাৰ খোৱাং থানা এলেকাৰ ন-পাহাৰ গাঁৱলৈ প্ৰৰণ কৰে৷  ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন দাসে জানিবলৈ দিয়া মতে, সোমবাৰে ডিফু থানা এলেকাৰ ধনশিৰি আৰক্ষী চকীৰ পৰা প্ৰায় ১৫ কিঃ মিঃ নিলগৰ কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৰ মঙলামুখ সীমান্ত পহৰা চকীত সংঘটিত হয় এই ঘটনা৷

সোমবাৰে বিয়লি প্ৰায় ১ বাজি ৫ মিনিটত গুলীৰ শব্দ শুনি পহৰা চকীত দৌৰা দৌৰি লাগে৷ সতীৰ্থ জোৱানসকল বেৰেকত আহি উপস্থিত হৈ বেটালিয়ান জনৰ মৃতদেহ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা প্ৰত্যক্ষ কৰে৷ চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিৰ্ময়ন গায়নৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ চাৰ্ভিচ ৰাইফলটো আৰু এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, আত্মহত্যা কৰা জোৱানজন মঙলামুখ বিঅ'পিত অসম আৰক্ষীৰ ২য় আই আৰ বি এনৰ কৰ্মৰত জোৱান আছিল৷ ডিব্ৰুগড় জিলাৰ খোৱাং থানা এলেকাৰ ন-পাহাৰ গাঁৱৰ নীলকান্ত বৰুৱাই কিয় আত্মহত্যা কৰিলে সেই কথা এতিয়ালৈ পোহৰলৈ অহা নাই৷ জোৱান জনে পেট আৰু কামিহাড়ৰ সংযোগ স্থলীত চাৰ্ভিচ ৰাইফলেৰে গুলী চলোৱাৰ ফলত জোৱান জনৰ বুকু ভেদি বেৰেকৰ টিনৰ চালি ফুটা হয়৷ জিলা আৰক্ষী অধীক্ষক ডঃ জিভি শিৱপ্ৰসাদ ঘটনা স্থলীলৈ গৈ ঘটনাৰ বুজ লয়৷ আত্মঘাতী জোৱান জনে কিছুদিনৰ পৰা সতীৰ্থ জোৱানসকলৰ সৈতে কথা কমকৈ কোৱাৰ লগতে গহীন হৈ থকা বুলি জানিব পৰা যায়৷