
গুৱাহাটীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ পুত্ৰ জয়ন্ত সিংহৰ আজি মৃত্যু হয়।গুৱাহাটী মহানগৰীৰ উইণ্ডদ্ৰপ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰগৰাকীয়ে৷

নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল৷ জানিব পৰা মতে, প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ পুত্ৰ গৰাকীৰ চিকিসাৰ বাবে অৰ্থৰ সংকটত ভুগিছিল। চিকিসালয় খনৰ পৰা জয়ন্তৰ মৃতদেহ পোনে পোনে দীঘলীপুখুৰী পাৰলৈ নিয়া হৈছে। দীঘলীপুখুৰী পাৰত দল-সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।