
নলবাৰীঃ মৰমৰ পুত্ৰক বিছাৰি হায়ৰাণ এগৰাকী মাতৃ৷ মৰমৰ পুত্ৰৰ মুখ খন চাবলৈ ব্যাকুল হৈ পৰিছে মাতৃ৷ চকুলো টুকি দিন পাৰ কৰা মাতৃগৰাকীৰ ওচৰত যোৱা ১৫ দিনে নাই মৰমৰ পুত্ৰ৷ পুত্ৰ ঘৰৰ পৰা ওলাই গৈ যোৱা ১৫ দিনে উভতি অহা নাই৷
বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত বৰমা কেথলিক মিছনৰ সমীপৰ কমল নগৰ গাঁৱৰ বাসিন্দা লামাল্য খাখলাৰীৰ দ্বিতীয় পুত্ৰ জিচকেল খাখলাৰী (২৫) যোৱা ৮ নবেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
পৰিয়ালৰ লোকে বৰমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে শুংসুত্ৰ উদ্ধাৰ কৰিব পৰা নাই জিচকেলৰ। কোনো লোকে যুৱকজনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত নতুবা ৯৫৭৭৮০৬৪৬২ নম্বৰৰ মোবাইলত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।