লিডুত উত্তেজনা, উচ্ছেদ কৰিব যোৱা জিতেন দত্ত সহিতে চাৰি আলফা নেতাক আটক, পথ অৱৰোধ-থানা ঘেৰাও

ডিব্ৰুগড়ঃ আলোচনাপন্থী আলফাৰ এটা দলে দেওবাৰে তিনিচুকীয়াৰ লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিব যোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লংকা-কাণ্ড সংঘটিত হয়৷ আৰক্ষীৰ সৈতে হতাহতি হোৱাৰ লগতে প্ৰশাসনে বহু বাধা দিয়াৰ পিছতো কোনো লোকে দুঘৰ লোকৰ ঘৰ জ্বলাই দিয়ে৷ তাৰ পিছতে উচ্ছেদৰ সমৰ্থনত শ-শ লোক উত্তেজিত হৈ পৰে৷

উত্তজিত লোকসকলে আন আন পৰিয়াল কেইটাৰ ঘৰত অগ্নি সংযোগ কৰিবলৈ উদ্যত হোৱাৰ সময়তে উপায়হীন হৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ পিছতে সমবেত একাংশ লোক ছত্ৰ ভংগ দিয়াত আলফা নেতা জিতেন দত্ত সহিতে আন্টু চাওদাং আৰু ধীৰেণ ফুকণক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে৷ তাৰ পিছতে ৰাইজ পুনৰ ক্ষোভিত হৈ পৰে৷ উত্তেজিত ৰাইজে থানাৰ সন্মুথত সমবেত হোৱাৰ লগতে পথ অৱৰোধ কৰে৷

আৰক্ষীয়ে লাঠি চালনা কৰাত আৰু আলফা নেতাকেইগৰাকীক আটক কৰাত তীব্ৰ উত্তেজনা বিয়পে৷ বৰ্তমানেও শ-শ লোকে জিতেন দত্ত সহিতে তিনি আলফা নেতাক মুকলি কৰি দিয়াৰ দাবীত পথ অৱৰোধ অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, জিতেন দত্তৰ নেতৃত্বত এটি দল তিনিচুকীয়া জিলাৰ লিডুত দেওবাৰে পুৱাই উপস্থিত হয়৷ আৰক্ষীয়ে এই খবৰ লাভ কৰি সস্তম হৈ পৰে৷ তিনিচুকীয়া প্ৰশাসনে বাৰে বাৰে জিতেন দত্তক আইন হাতত তুলি নলবলৈ আহ্বান জনাই আহিছিল৷

তাৰ পিছতো জিতেন দত্তই এটি আলফাৰ দল সহিতে বুঢ়ী-দিহিঙৰ পাৰত উপস্থিত হোৱাৰ পিছতে শ-শ লোক হিল-দল ভাঙি ওলাই আহে৷ তিনিচুকীয়া আৰক্ষীৰ দল এটিয়ে পূৰ্বৰ পৰাই সস্তম হৈ পৰে৷ বুঢ়ী-দিহিঙৰ পাৰৰ চাপৰিগাঁৱত সন্দেহজনক নাগৰিকে বসতি কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল৷ প্ৰথমে বুঢ়ী দিহিঙৰ পাৰত জীতেন দওক অাৰক্ষীয়ে আবদ্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কোনো লোকে ঘৰ জ্বলাই দিয়ে৷ জিতেন দত্ত সহিতে আন্টু চাওদাং আৰু ধীৰেণ ফুকণক আটক কৰাৰ পিছত দৰ্শপ্ৰাণ মান্য হাজৰিকা, নৱদ্বীপ বৰপাত্র গোহাঁই তিনিচুকীয়া জিলাৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত লিডু অাৰক্ষীয়ে অাটক কৰে৷

ইয়াৰ মাজতে, অসমীয়া জাতি তথা খিলঞ্জীয়া অস্তীত্ব ৰক্ষাৰ কাৰণে প্ৰতিবাদ কৰিলে যদি ৰাষ্ট্ৰদোহী হয়, তেন্তে অসমৰ পৰিস্থিতি ভয়ংকৰ হব বুলি সকীয়নি প্ৰদান কৰি সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ ৷ লিডু-মাৰ্ঘেৰিটাত গ্ৰেপ্তাৰ হোৱা অালোচনাপন্থী আলফাৰ শীৰ্ষ নেতা জিতেন দওৰ লগতে অান তিনিজন নেতাক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ জিলাৰ প্ৰশাসনক দাবী জনায় সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ সভাপতি যুগল বৰুৱা অাৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে৷

অানহাতে অসম প্ৰেমী যুৱ-ছাত্র সমাজ, অসমৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈ অাৰু মহা-সচিব অৰিন্দম শদিয়াখোৱাই বিদেশীৰ প্ৰতি সততে দৰদ দেখুৱাই স্বৈৰাচাৰী চৰকাৰখনে বুলি কৈ খিলঞ্জীয়াৰ স্বাৰ্থক পুনৰ জলাঞ্জলি দি বেদখল মুক্ত কৰিবলৈ যোৱা আলফা নেতা জীতেন দত্ত আৰু তেওঁৰ দলটোক গ্ৰেপ্তাৰ কৰা কাৰ্যক অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে তীব্ৰ গৰিহণা দিয়ে৷ অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত সততে মাত মাতি অহা বলিষ্ঠ সংগ্ৰামী কণ্ঠক মষিমূৰ কৰাৰ উদ্দেশ্য অগণতান্ত্ৰিক পদক্ষেপ চৰকাৰে লৈ আহিছে এয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়৷

অচিৰেই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ অসমীয়া খিলঞ্জীয়া জনগণক মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনাই সংগঠনটোৱে৷ গ্ৰেপ্তাৰ কৰা সংগ্ৰামী কেইজনক মুকলি কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনোৱাৰ লগতে বাৰে বাৰে অসমীয়াৰ ধৈৰ্য্য পৰীক্ষা কৰাৰ পৰা বিৰত থাকক বুলিও কয় সংগঠনটোৱে৷ বুঢ়ী-দিহিং নৈৰ পৰি কিছু নিলগত প্ৰায় ১০ পৰিয়ালে কিছু বছৰৰ পূৰ্বৰ পৰা বাস কৰে৷ স্থানীয় থলুৱা লোকে পানীৰ দৰত উক্ত পৰিয়াল কেইটাক কেইবা বিঘা মাটি বিক্ৰী কৰিছিল বুলি জানিব পৰা যায়৷ কেৱল মাত্ৰ ৫ হাজাৰ টকাত মাটি কিনি ঘৰ সজাই বসবাস কৰি আহিছে।

পৰিয়াল কেইটাই বহু মাটি চাফ-চিকুণ কৰি খেতি কৰা বুলি জানিব পৰা যায়৷ খেতি কৰি উৎপাদিত সামগ্ৰী মাৰ্ঘেৰিতা তথা লিডুত বিক্ৰী কৰে। নগাঁও কাণ্ডৰ পিছৰে পৰা উক্ত লোকসকলক একাংশ লোকে বাৰে বাৰে উক্ত স্থানৰ পৰা উঠি যাবলৈ ভাবুকি দি আহিছিল৷ আলোচনাপন্থী আলফা নেতা জিতেন দত্তই সময়ে সময়ে উচ্চেদ কৰাৰ কথা কৈ আহিছিল৷ সন্দেহ প্ৰকাশ কৰা মতে সেই লোকসকল অবৈধ নাগৰিক৷

প্ৰশাসনক সময়ো বান্ধি দিয়ে আলফাই৷ তাৰ পিছত প্ৰশাসনে বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক ভাবে বসবাস কৰা লোকসকলৰ তথ্য পাতি পৰীক্ষা কৰে৷ তিনিচুকীয়া জিলা প্ৰশাসনে নথি পত্ৰ পৰীক্ষা কৰি অবৈধ নাগৰিক নহয় বুলি থিৰাং হয় যদিও চৰকাৰী মাটিৰ পৰা সেই লোকলকক উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰশাসনে। প্ৰতিশ্ৰুতি অনুসৰি জিলা প্ৰশাসনে উচ্ছেদ কৰিবৰ বাবে যোজা চলাই থকাৰ সময়তে দেওবাৰে এই ঘটনা সংঘটিত হয়৷